February 10, 2025 7:30 PM
39
চীনদেশে তিব্বতত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত সাংসদ দিলীপ শইকীয়াৰ উদ্বেগ প্রকাশ
দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই চীনদেশে তিববতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত গভীৰ উদ্বেগ প্রকাশ কৰিছে। আজি লোকসভাত এটা দৃষ্টি আকৰ্ষণকাৰী প্ৰসংগ উত্থাপন কৰি সাংসদ শইকীয়াই এই বান্ধ নিৰ্মাণ হ'লে অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশৰ পাৰিপাশ্বিকতাৰ ওপৰত বিৰূপ প্রভাব পৰিব বুলি আশংকা প্ৰকাশ কৰে। তেওঁ কয়, যে দক্ষিণ এছিয়াৰ এই অঞ্চলটো ভূমিকম্প আৰু বানপানীকে ধৰি অতিশয় দুর্যোগপ্রবন অঞ্চল। এই বান্ধৰ লগতে চীনে বৃহৎ আকাৰৰ জলাধাৰ নিৰ্মাণৰো প্ৰস্তাৱ কৰিছে বুলি তেওঁ...