April 21, 2025 10:46 AM

views 35

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

● অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্র কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল'ব। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, জিলাখনৰ ১২খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পৰিষদ আৰু ৬৫ খন গাঁও পঞ্চায়তৰ বাবে অহা ২ মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিপূৰ্বে জিলাখনত দলীয় প্ৰাৰ্থীৰ হ...

April 11, 2025 8:51 PM

views 15

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নির্বাচনী প্ৰচাৰত ভাগ ল'ব।বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভ...

April 11, 2025 8:03 PM

views 29

আজি বিয়লি ৩ বজাত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি আবেলি ৩ বজাত সামৰণি পৰে। আজি অন্তিম দিনা ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাত বিজেপিৰ প্ৰাৰ্থীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদ, ২৭ টা পঞ্চায়ত আৰু ২৭০ টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্র দাখিল কৰে। অৱশ্যে জিলাখনৰ কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে সেই বিষয়ে এতিয়ালৈকে নি...

April 9, 2025 6:55 PM

views 26

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। গোলাঘাট বিধানসভা সমষ্টিত বিজেপি নেত্রী তথা বিত্তমন্ত্রী অজন্তা নেওগে দলীয় প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰ্যবেক্ষণ কৰে। জিলাখনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত জিলা পৰিষ...

April 9, 2025 11:55 AM

views 23

ভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত

■ ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহেও নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজনৈতিক দলসমূহে এই নির্বাচনৰ বাবে দলীয় কাম-কাজ চলাই আছে। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষ আৰু নির্বাচনী আচৰণ বিধি নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ এটা প্রশিক্ষণ কালি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত...

April 9, 2025 1:02 AM

views 34

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়৷ Read More News :  ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ ...

April 8, 2025 12:06 PM

views 22

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ত কালি স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে সমাগত পঞ্চায়ত নির্বাচন সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত নির্বাচনী বিষয়াই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল, প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্নৰ বাছনি তথা নিৰ্বা...

April 7, 2025 6:34 PM

views 25

পঞ্চায়ত নিৰ্বাচনত বুজাবুজিৰে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ বিজেপি আৰু অগপ দলৰ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপই বুজাবুজিৰে নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে আজি বিজেপি আৰু অগপৰ নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে কয়, যে বৰপেটা বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ ভিতৰত পাকা আৰু বহৰীত বিজেপিয়ে আৰু সুন্দৰীদিয়া আৰু সৰুক্ষেত্ৰী সমষ্টি...

April 5, 2025 8:58 PM

views 21

শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নির্বাচন হ'বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি ১১ এপ্ৰিলৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা ১১ বজাৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াক মনোনয়ন পত্র প্ৰাৰ্থীয়ে নিজে বা প্ৰস্তাৱকৰ জৰিয়তে দাখিল কৰিব পাৰিব। ১২ এপ্ৰিলৰ পুৱা ১০.৩০ বজাৰ পৰা একে স্থানতে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। ১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত একেস্থানতে মনোনয়ন প্ৰত্যাহাৰৰ বাবে দাখিল কৰিব পাৰিব। জিল...

April 4, 2025 12:23 PM

views 25

ৰাজ্যত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

ৰাজ্যত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্রক্রিয়া কালি আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ১১ মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত অহা ৭...