May 7, 2025 12:47 PM May 7, 2025 12:47 PM

views 14

ভাৰতীয় সশস্ত্র বাহিনীৰ অপাৰেচন সিন্দূৰ আৰম্ভ

ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত মাজনিশা আক্রমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে, সেনাই মুঠ ৯টা স্থানত আক্রমণ চলায়। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওৰে নিশা এই সমগ্ৰ অভিযান নিৰীক্ষণ কৰে। ভাৰতে আক্ৰমণৰ লক্ষ্য নিৰ্ধাৰণ আৰু কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সংযম ৰক্ষা কৰিছে বুলি বিবৃতিটোত উল্লেখ ...