ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতীয় সশস্ত্র বাহিনীৰ অপাৰেচন সিন্দূৰ আৰম্ভ

ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত মাজনিশা আক্রমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে, সেনাই মুঠ ৯টা স্থানত আক্রমণ চলায়। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওৰে নিশা এই সমগ্ৰ অভিযান নিৰীক্ষণ কৰে। ভাৰতে আক্ৰমণৰ লক্ষ্য নিৰ্ধাৰণ আৰু কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সংযম ৰক্ষা কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে এনে পদক্ষেপ গ্ৰহণ কৰিছে। এই আক্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইলকে ধৰি বিভিন্ন ৰাষ্ট্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সেনাৰ এই বিমান আক্ৰমণৰ পাছতে উত্তৰ ভাৰতৰ কেইবাটাও বিমান বন্দৰৰ বাণিজ্যিক সেৱা বন্ধ কৰি দিয়া হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত স্পাইচ জেটে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত সংস্থাটোৰ বিমানসমূহ ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ আৰু অমৃতসৰ বিমানবন্দৰ পৰা যাতায়াত স্থগিত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইন্দিগ’ই যাত্ৰীসকলক এই বিমান বন্দৰকেইটাৰ পৰা উৰিবলগীয়া বিমানসমূহৰ যাত্ৰাৰ সৱিশেষ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি এয়াৰ ইণ্ডিয়াই জম্মু, শ্ৰীনগৰ, লেহ, জোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটৰ পৰা উৰিবলগীয়া সংস্থাটোৰ সকলো বিমানযাত্ৰা আজি দিনৰ ১২ বজালৈ স্থগিত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক