May 7, 2025 8:32 PM May 7, 2025 8:32 PM

views 6

পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯ স্থানত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’

সেনাবাহিনীয়ে যোৱা মাজনিশা ১ বাজি ৫ মিনিটৰ পৰা ডেৰ বজাৰ ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯টা স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। পাকিস্তানৰ বাহাৱালপুৰৰ মাৰ্কাছ ছুভান আল্লা, মাৰ্কাছ টাইবা মুৰিদকে, মেহমুনা জয়া আৰু শিয়ালকোটৰ সৰ্জল সন্ত্রাসবাদী শিবিৰত ক্ষেপণাস্ত্ৰ আৰু ড্রোনেৰে আক্ৰমণ চলোৱা হয়। পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ছাৱাইনালা, মুজফ্ফৰবাদৰ চৈয়দ না বিলাল, কোটলি গুলপুৰ, বিম্বাৰ আৰু কোটলি আব্বাছৰ সন্ত্ৰাসবাদী শিবিৰো ধ্বংস কৰা হয়। আজি নতুন...