January 19, 2026 2:19 PM

views 9

ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয় যে স্বাস্থ্য সেৱা, নাৰী সৱলীকৰণ আৰু সংস্কৃতিৰ দৰে খণ্ডত তেওঁৰ বৰঙণি প্ৰশংসনীয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত যোৱা মাহত প্রধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ প্ৰসংগ উত্থাপন কৰি কৈছিল...

November 11, 2025 6:28 PM

views 42

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজা পর্যন্ত সমষ্টিটোত ৩২ দশমিক ৫ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩৫৮ টা ভোটকেন্দ্ৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া ৭ বজাত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব৷ অৱশ্যে অত্যন্ত দুর্গম আৰু মাওবাদী প্ৰভাৱিত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে ৪৭ টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৪ বজাত ভোটগ্রহণ সমাপ্ত হ'ব। উপ-নির্বাচনত মুঠ ২ লাখ ৫৩ হাজাৰ ভোটদাতাই ভোটাধ...

July 15, 2025 11:50 AM

views 35

ওড়িশাৰ বালাচ’ৰৰ ফকিৰ মোহন অট’নমাছ কলেজৰ এগৰাকী ছাত্ৰীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু

ওড়িশাৰ বালাচ’ৰত অৱস্থিত ফকিৰ মোহন অট’নমাছ কলেজৰ এগৰাকী ছাত্ৰীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপকে যৌন নির্যাতন চলোৱাৰ পাছত জুইত আত্মজাহ দিয়াৰ চেষ্টা চলোৱা ছাত্ৰীগৰাকীৰ দেহৰ ৯৫ শতাংশ জ্বলি গৈছিল আৰু তেওঁক সংকটজনক অৱস্থাত ভুৱনেশ্বৰৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। দুদিনীয়া ভ্রমণসূচীৰে কালি ওড়িশাত উপস্থিত হোৱা ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ভূৱনেশ্বৰৰ এইমছত উপস্থিত হৈ মৃত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে আৰু এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰ...

June 11, 2025 6:07 PM

views 55

২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে আয়োজিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে ওড়িশা প্ৰশাসনীয় সেৱাৰ ৬০ গৰাকী বিষয়াক দায়িত্ব অৰ্পন কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে শেহতীয়া নতুন দিল্লী ভ্ৰমণকালত তেওঁৰ চৰকাৰৰ প্ৰথম বৰ্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰ...

November 24, 2024 11:28 AM

views 37

‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষে ভাষণ প্ৰদান কৰিব। ওড়িশা পাৰ্বা হৈছে নতুন দিল্লীৰ ওডিয়া সমাজ নামৰ এটা ন্যাসৰ দ্বাৰা পৰিচালিত এটা ধ্বজাবাহী অনুষ্ঠান । যাৰ জৰিয়তে ওডিয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ চেষ্টা কৰা হয়।পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবেলি ২২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ওড়িশা পাৰ্বাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ওড়িশাৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক ধৰণ আৰু সামাজিক-ৰাজনৈতিক নীতি ...

September 8, 2024 8:53 PM

views 35

নোৱাখাই উৎসৱ উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৃষিভিত্তিক উৎসৱ নুৱাখাই উপলক্ষে বিশেষকৈ ওড়িশাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে এই উৎসৱক দেশৰ খেতিয়কসকলৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰাৰ উপলক্ষ্য বুলি অভিহিত কৰে। তেওঁ লগতে এইবুলি কামনা কৰে যে, এই উৎসৱে যেন সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে। ইফালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোৱাখাই উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলৰ প্ৰতি ...

July 6, 2024 5:04 PM

views 28

৪ দিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ'বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী মতী মুর্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ'বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভুবনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কাননগু কলেজ আৰু উৎকল সাংস্কৃতিক ...

June 12, 2024 12:33 PM

views 33

মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি

বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে। শ্ৰীমাঝিয়ে আজি বিয়লি ভূৱনেশ্বৰৰ জনতা ময়দানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী জুৱেল ওৰাম, অশ্বিনী বৈষ্ণৱ আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ বিধায়িনী দলে কালি ৫২ বছৰীয়া মাঝিক সৰ্বসম্মতিক্রমে নেতা হিচাপে বাছনি কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ ...

June 9, 2024 8:07 PM

views 30

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে, দিল্লীত দলৰ সংসদীয় পৰিষদে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈঠকত দলৰ দুগৰাকী কেন...

June 8, 2024 2:54 PM

views 26

সোমবাৰে ওড়িশাত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

ওড়িশাত সোমবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে দিল্লীত দলৰ সংসদীয় পৰিষদে ওড়িশাৰ নতুন মুখ্যমন্ত্রী নির্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈ...