June 5, 2024 11:57 AM

views 40

ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা লাভ

বিজেপিয়ে ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত বিজু জনতা দলে ৫১খন আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ১৪ খন আৰু চি পি আই এমে এখন আসনত জয়ী হৈছে। নিৰ্দলীয় প্রার্থীয়ে ৩ খন আসন পাইছে।

June 2, 2024 1:47 PM

views 38

কাইলৈ অন্ধ্রপ্রদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা

লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্রপ্রদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ উপৰি কেইখনমান বিধানসভা আসনৰ বাবে উপ নির্বাচনৰ ভোটগণনাও কাইলৈ অনুষ্ঠিত হ'ব। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সান্ধুৱে সকলো মুখ্য নির্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়াৰ সৈতে ভোটগণনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাইছে। নির্বাচন আয়োগে কৈছে যে, ভোটগণনাৰ ধাৰা আৰু ফলাফল আয়োগৰ ৱেৱছাইট results.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ'ব। গুগল প্লে...

June 1, 2024 2:49 PM

views 64

ওড়িশাৰ বিশিষ্ট লোককলা শিল্পী পদ্মশ্ৰী মাগুণী চৰণ কৌৰৰ কেয়নঝাৰৰ নিজা বাসভৱনত মৃত্যু

ওড়িশাৰ বিশিষ্ট লোককলা শিল্পী পদ্মশ্ৰী মাগুণী চৰণ কৌৰৰ আজি পুৱা কেয়নঝাৰৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুমুখী পুতলা শিল্প আৰু পৰম্পৰাগত পুতলা নাচৰ উত্থান আৰু সংৰক্ষণৰ দিশত জীৱনযোৰা সাধনাৰ বাবে বিগত বৰ্ষত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পদ্মশ্ৰী মগুণী চৰণ কৌৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

May 28, 2024 5:59 PM

views 50

ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। অহা ১ জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ হ'বলগীয়া সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা ছ'ৰেনৰ সমৰ্থনত অনুষ্ঠিত এখন নির্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি...

April 4, 2024 6:44 PM

views 51

ওড়িশাত অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

♦ অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা কালি ওড়িশাত সফলতাৰে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডিঅ' তথা স্ট্রেটেজিক ফ’চেছ কমাণ্ডে ওড়িশাৰ উপকূলৱৰ্তী এ পি জে আব্দুল কালাম দ্বীপৰ পৰা পৰীক্ষা চলায়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি বেলেষ্টিক ক্ষেপনাস্ত্র অগ্নি প্রাইমে সকলো দিশতে চলোৱা পৰীক্ষা সফলতাৰে আৰু নিৰ্ভৰযোগ্যভাৱে প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডিঅ', এছ এফ চি আৰু সশস্ত্র বাহিনীসমূহক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে,...

April 2, 2024 7:13 PM

views 41

ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ

♦ সমাগত ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। সম্বলপুৰ বিধানসভা সমষ্টিৰ পৰা জয়নাৰায়ণ মিশ্ৰই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মানস কুমাৰ দত্তই বালেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। চিতাংছু শেখৰ মহাপাত্রই ভদ্ৰক আৰু ক্ৰুছানা চন্দ্ৰ পাত্ৰই ধেনকানাল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে, বিজেপিৰ অজয় নিশাদে কংগ্ৰেছত যোগদান কৰিছে। নতুন দিল্লীত দলৰ নেতা মোহন প্ৰকাশ আৰু পৱন খেৰাৰ উপস্থিতিত অজয় নিশাদে কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখযো...