October 16, 2024 6:06 PM
8
ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড এন এছ জি-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড এন এছ জি-ৰ আজিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, আমাৰ দেশখনক সুৰক্ষিত কৰি ৰখাৰ বাবে এন এছ জি-ৰ কৰ্মীসকলৰ চিৰস্থায়ী আত্মোৎসৰ্গাৰ মনোভাৱ, সাহস আৰু স্থিৰ সংকল্পৰ বাবে দেশবাসীয়ে তেওঁলোকক কৃতজ্ঞতা জনাই আহিছে। শ্রী মোদীয়ে লগতে কয় যে, যিকোনো ধৰণৰ ভাবুকিৰ পৰা দেশক সুৰক্ষা দিয়াৰ বাবে এন এছ জি-ৰ দায়বদ্ধতা সদায়েই প্রশংসনীয়। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহেও এন ...