October 16, 2024 6:06 PM | NSG

printer

ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড এন এছ জি-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড এন এছ জি-ৰ আজিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, আমাৰ দেশখনক সুৰক্ষিত কৰি ৰখাৰ বাবে এন এছ জি-ৰ কৰ্মীসকলৰ চিৰস্থায়ী আত্মোৎসৰ্গাৰ মনোভাৱ, সাহস আৰু স্থিৰ সংকল্পৰ বাবে দেশবাসীয়ে তেওঁলোকক কৃতজ্ঞতা জনাই আহিছে। শ্রী মোদীয়ে লগতে কয় যে, যিকোনো ধৰণৰ ভাবুকিৰ পৰা দেশক সুৰক্ষা দিয়াৰ বাবে এন এছ জি-ৰ দায়বদ্ধতা সদায়েই প্রশংসনীয়। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহেও এন এছ জি-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক অভিনন্দন জনাইছে। বাহিনীটোৱে সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা মূলমন্ত্ৰৰে কাম কৰি আহিছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ লগতে, কর্তব্য পালনৰ সময়ত প্ৰাণ আহুতি দিয়া এন এছ জি-ৰ সাহসিক কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।