March 6, 2025 11:08 AM

views 33

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৪ টাকৈ ভূমিকম্পৰ জোকাৰণি

■ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি ৪ টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ ১১ বাজি ৬ মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ১০ ছেকেণ্ডৰ বাবে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৫.৭। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ-পূব দিশৰ ১১০ কিলোমিটাৰ গভীৰতাত বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে। দুপৰীয়া ১২ বাজি ২০ মিনিটত অহা দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলা...

February 12, 2025 5:05 PM

views 33

অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত ধাৰাষাৰ বৰষুণ বা তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

January 24, 2025 8:09 PM

views 27

গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব। অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে আগবঢ়োৱা আর্থিক সাহায্যত কাইলৈ এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী দিল্লীলৈ ৰাওনা হ'ব। বিভাগীয় মন্ত্রী সান্তনা চাকমাই এই কথা প্ৰকাশ কৰি কয়, যে এইবাৰ সমগ্ৰ দেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ মুঠ ৪১৫ গৰাকী ছাত্ৰ-ছাত্ৰী এই কুছকাৱাজত অংশগ্ৰহণ কৰাৰ বাবে বাচনি কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে, এই বাচনি মেধা আৰু সম্ভাৱনাৰ ভিত্তিত কৰা...

December 11, 2024 1:18 PM

views 36

মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ

মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ অনুষ্ঠিত হৈছে। শুকুৰবাৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়া, নেপাল, কাজাখাস্তান আৰু ইন্দোনেছিয়াৰ পাইলটসকলে অংশগ্ৰহণ কৰাৰ কথা। ৰাজ্যখনৰ জলপুই অৱতৰণক্ষেত্ৰত হ'বলগীয়া সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী পু লালডুহোমা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি জলপুইত মিজোৰামৰ থলুৱা খাদ্য আৰু সাংস্কৃতিক উপাদানসমূহৰ বিপণী মুকলি কৰা হৈছে।

December 11, 2024 10:35 AM

views 35

২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি

নাগালেণ্ডৰ কিচামা গাঁৱত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আৰু মহোৎসৱৰ আয়োজক টেমজেন ইন্নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ লগতে অভ্যাগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কালিৰ অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ প্ৰতিনিধি গ্ল’ৰিয়া বাৰবেনাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে মহোৎসৱৰ ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকীও কেন্দ্রীয় মন্ত...

December 7, 2024 8:29 PM

views 34

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্রচেষ্টা চলাই আছেঃ জ্যোতিৰাদিত্য সিন্ধিয়া

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্রচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কালি মুকলি কৰা ৩ দিনীয়া এই মহোৎসৱত ২৫০গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্র, উদ্যানশস্যৰ উপৰি ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰা...

November 16, 2024 8:17 PM

views 31

মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ গৃহ মন্ত্ৰ্যালয়ৰ

মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ দিয়া হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয় এটা বিবৃতিৰ যোগে কৈছে যে দুয়োটা সম্প্ৰদায়ৰ সশস্ত্র দুষ্কৃতিকৰীয়ে হিংসাত লিপ্ত হৈছে আৰু ইয়াৰ ফলত একাংশ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। হিংসা অথবা বিঘটনকামী কাম-কাজৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰালয়ে সকিয়াই দিছে। এই সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ গোচৰসমূহ ফলপ্ৰসূ তদন্তৰ খাতিৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থালৈ হস্তা...

October 7, 2024 11:16 AM

views 30

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে: কিৰেণ ৰিজিজু

■ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ কিছু সংখ্যক ঘটনাৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান শান্তি বিৰাজ কৰিছে। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে অঞ্চলটোৰ বিকাশৰ বাবে কোনো ধৰণৰ গঠনমূলক কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ১০ হাজাৰতকৈ অধিক উগ্রপন্থীয়ে অস্ত্রসহ আত্মসমৰ্...

September 5, 2024 8:25 PM

views 43

National Socialist Council of Nagaland খাপলাং গোটৰ সৈতে সংঘৰ্ষ বিৰতিৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে National Socialist Council of Nagaland খাপলাং গোটৰ সৈতে সংঘৰ্ষ বিৰতিৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰিছে। গৃহমন্ত্ৰ্যালয়ে কৈছে যে, ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ উদ্দেশ্যে ৮ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই চুক্তিখনৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰাৰ বাবে পাৰস্পৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

September 3, 2024 8:01 PM

views 24

গৃহমন্ত্ৰীৰ উপস্থিতিত কাইলৈ কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি, এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্রণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ -এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্রবাদ, হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উ...