July 3, 2025 7:06 PM

views 22

পুনৰ ভূমিস্খলনৰ ফলত বদৰপুৰ- লামডিং ৰে’লপথ বন্ধ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ডিমা হাছাওৰ মুপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে বদৰপুৰ- লামডিং অংশৰ ৰে'লপথছোৱা বন্ধ হৈ পৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে এই পথছোৱাত পাহাৰৰ পৰা শিল আৰু মাটি খহি পৰাত পুৱা শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লখন আৱদ্ধ হৈ পৰে। শেহতীয়াকৈ জাতিংগা-লামপুৰ অংশত ভূমিস্খলনৰ বাবে একেৰাহে ছদিন এই ৰে'লপথছোৱা বন্ধ হোৱাত যাত্ৰীসকলে দুর্ভোগ ভূগিবলগীয়া হৈছিল। যোৱা সোমবাৰে এই ৰে'লপথছোৱাৰে যাত্ৰা পুনৰ স্বাভাৱিক হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছিল যদিও আজি পুনৰ ভূমিস্খলনত ৰে'ল...

June 30, 2025 12:24 PM

views 15

কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইবাখনো দূৰণিবতীয়া ৰে’লগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ১২৪২৪ আৰু ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ, গুৱাহাটী আৰু হাওৰাৰ মাজত মাজত চলাচল কৰা শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ আৰু কামাখ্যাৰ মাজৰ কেপিটেল এক্সপ্ৰেছ, শিলঘাট আৰু কলকাতাৰ মাজৰ সাপ্তাহিক কাজিৰঙা এক্সপ্ৰেছ...

May 7, 2025 1:15 PM

views 24

২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১১ খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ২০২৪-২৫ বিত্তীয় বৰ্ষত ইয়াৰ মণ্ডলসমূহত ১১ খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ জৰিয়তে সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰত ৰে'লৱেই উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূৱ সীমান্ত ৰেলৱে এই ৰোড অভাৰব্ৰীজসমূহে কেৱল লেভেল ক্ৰছিঙত দুৰ্ঘটনাৰ সম্ভাৱনা দূৰ কৰাই নহয়, যান-জঁটৰ সমস্যাও হ্ৰাস কৰিছে। আন্তঃগাঁথনি আধুনিকীকৰণৰ ক্ষেত্ৰত গতি লাভ কৰাৰ লগে লগে এনে প্রকল্পসমূহে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পৰিবহ...

March 11, 2025 1:16 PM

views 22

সমাগত হোলীৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচল

সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱে মুঠ ৩০টা যাত্ৰাৰ বাবে বিশেষ ৰে'ল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী-গোৰখপুৰ জংছন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল হৈ কামাখ্যা অভিমুখী ৰে'লৰ লগতে মুঠ ২৬ টা যাত্ৰাৰ বাবে বিশেষ ৰে'লৰ চলাচলৰ বিষয়ে ৰে'লৱে সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পৰা জয়নগৰ হৈ পুনৰ ডিব্ৰুগড়ত উপস্থিত হ'বলগীয়া আৰু ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰি পুনৰ ডিব্ৰুগড়লৈ চাৰিটা যাত্ৰাৰ বাবে ৰে'ল চল...

September 10, 2024 12:23 PM

views 24

যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ গুৰুত্ব প্ৰদান

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ ‘মেৰী চহেলী’ নামৰ এটা সুকীয়া নিৰাপত্তা বাহিনীৰ গোট গঠন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষ‍ই অলপতে এই কথা প্ৰকাশ কৰে। তেওঁলোকে জনোৱা মতে মহিলা ৰে'ল সুৰক্ষা বাহিনীৰ জোৱানেৰে গঠিত ১৫ টা ‘মেৰী চহেলী’ গোট বৰ্তমান উত্তৰ-পূব সংমণ্ডলৰ বিভিন্ন ষ্টেচনত নিয়োজিত হৈ আছে। আনহাতে, মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা মহিলা যাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে উত্তৰ-পূব সীমান্...

August 5, 2024 12:34 PM

views 21

এক কোটি ৬৩ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ ৰে’ল সুৰক্ষা বাহিনীৰ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'ল সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ জুলাই মাহত এক কোটি ৬৩ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ৰে'ল আৰু ষ্টেচনসমূহত চলোৱা বিভিন্ন অভিযানৰ সময়ত নিষিদ্ধ চোৰাং সামগ্ৰি কঢ়িয়াই নিয়াত জড়িত থকাৰ অভিযোগত ২৪ জন লোকক ৰে'ল সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰে। জব্দ কৰা সামগ্ৰীৰ সৈতে কৰায়ত্ব কৰা লোকসকলক পাছত প্ৰাসংগিক আইন অনুসাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট আৰক্ষী থানাৰ হাতত অৰ্পণ কৰা হয় ৷

May 11, 2024 3:13 PM

views 21

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’ল ২ মিনিট অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ছোৱাত যাত্ৰীৰ অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বাবে কেইবাখনো ৰে'ল ২ মিনিট অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা- ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছৰ বিজনী-কৈঠালকুছি, পুৰী-কামাখ্যা এক্সপ্ৰেছৰ বিজনী-সৰভোগ-পাঠশালা-টিহু-নলবাৰী, টম্বাৰাম-শিলঘাট টাউন এক্সপ্ৰেছৰ বৰপেটা ৰোড-নলবাৰী, শিয়ালদহ-শিলঘাট কাঞ্চনজংঘা এক্সপ্ৰেছৰ নলবাৰী, শিলচৰ-সৰভোগ এক্সপ্ৰেছৰ নলবাৰী-বিজনী, গুৱাহাটী-জম্মু টাৱাই এক্সপ্ৰেছৰ নলবাৰী-বৰপেটা ৰোড আৰু ডিব্ৰুগড়- লোকমান...

April 26, 2024 11:26 AM

views 28

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল আৰু সময়সূচীৰ সাল-সলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ মাজত এখন মালবাহী ৰে’লগাড়ীৰ ইঞ্জিন ৰে'ল পথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সাল-সলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰে'লগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বাতিল কৰাৰো সিদ্ধান্ত লোৱা বুলি এখন বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। সেই অনুসৰি আগৰতলা-গুৱাহাটী বিশেষ ৰে'লগাড়ীৰ কালিৰ যাত্ৰাৰ লগতে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী-আগৰতলা বিশেষ ৰে'লগাড়ী...