March 6, 2025 8:36 PM

views 24

৩০ গৰাকীৰো অধিক মহিলাক সম্বৰ্ধনা লোকমাতা অহিল্যাবাই হ’লকাৰ মহিলা সন্মান অনুষ্ঠানত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, এখন অগ্রনী সমাজ গঢ়িবলৈ ইয়াৰ নাগৰিকসকলে অস্পৃশ্যতা, জাতি ভিত্তিক বৈষম্য আৰু অসমতাৰ দৰে কাৰক সমূহৰ পৰা নিজকে মুক্ত কৰিব লাগিব। আজি নতুন দিল্লীত লোকমাতা অহিল্যাবাই হ'লকাৰ মহিলা সন্মান অনুষ্ঠানত এইদৰে প্ৰকাশ কৰি শ্ৰী গাডকাৰীয়ে উচ্চ-নীচ ভেদাভেদহীন, সমতাৰ ওপৰত ভিত্তি কৰি সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে প্ৰতিগৰাকী নাগৰিকে এই কথা মনে-প্রাণে বিশ্বাস কৰা উচিত যে, এগৰাকী ব্যক্তিৰ যোগ্যতা কোনো জাতি, ধর্ম, ভাষা, লিংগ বা তেওঁলোক...

January 17, 2025 10:44 AM

views 25

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ : কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। INDIAN ROADS@ 2030 : THE SAFE SPACE শীৰ্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় ৬৬ শতাংশই হৈছে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ। চৰকাৰে বাহনৰ পাছৰ আসনত বহা লোকেও ছিটবেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ কথা দোহাৰি শ্ৰী গাডকাৰীয়ে ইলেকট্রনিক ব্রেকিং ছিষ্টেমৰ দৰে আধুনিক প্ৰযুক্তি...

January 9, 2025 8:51 PM

views 26

ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে বুলি নীতিন গাডকাৰী প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শক্তিৰ ক্ষেত্ৰত ভাৰত আমদানিকাৰী দেশৰ পৰা ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ'ব লাগিব। মধ্য প্ৰদেশৰ পিঠামপুৰত নেশ্যনেল অটোম'টিভ টেষ্ট ট্ৰেকত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰ আৰু বিভিন্ন অটোম'বাইল কোম্পানীসমূহে এই ক্ষেত্ৰত কাম কৰি আহিছে। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অটোম'বাইল উদ্যোগৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কেন্দ্ৰীয় ...

January 8, 2025 1:48 PM

views 21

সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ বাবে নীতিন গাডকাৰীৰ আঁচনি ঘোষণা

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান ডিটিআই স্থাপনৰ বাবে এখন আঁচনি ঘোষণা কৰিছে । সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশত দক্ষ চালকৰ অভাৱ দুৰ কৰা আৰু চালকৰ বাবে অধিক প্রশিক্ষণ কেন্দ্র স্থাপনৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ। গাডকাৰীয়ে লগতে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত পথ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। পৰিবহণ খণ্ডৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বৈঠকত দেশ...

January 6, 2025 7:44 PM

views 23

পথ সুৰক্ষা অভিযান ২০২৫ ৰ সুৰক্ষা ৰিল’ডেড অনুষ্ঠানত মন্ত্রী নীতিন গাডকাৰীৰ ভাষণ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে পথত নিজৰ আৰু আনৰ সুৰক্ষাৰ বাবে ছাত্র-ছাত্রীসকলক যান বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে। মুম্বাইত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত পথ সুৰক্ষা অভিযান ২০২৫ ৰ সুৰক্ষা ৰিল'ডেড অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। তেওঁ লগতে পথ দুৰ্ঘটনা আৰু ইয়াৰ ভুক্তভোগীৰ লগত জড়িত বহুতো পৰিসংখ্যাও প্ৰকাশ কৰে। শ্ৰীগাডকাৰীয়ে শিক্ষানুষ্ঠান আৰু অন্যান্য প্রতিষ্ঠান থকা অঞ্চলত বিগত বৰ্ষতেই প...

December 12, 2024 7:41 PM

views 23

সমগ্র দেশতে শীঘ্ৰে দুর্ঘটনাগ্ৰস্তৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ’ব : নীতিন গাডকাৰী

সমগ্র দেশতে শীঘ্ৰে দুর্ঘটনাগ্ৰস্তৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ'ব। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাৰ প্ৰশ্নকালত দিয়া উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছখন ৰাজ্যত বলবৎ হৈ থকা এই আঁচনিখন শীঘ্ৰে উত্তৰ প্ৰদেশ আৰু পিছলৈ দেশৰ বাকী অংশতো প্ৰৱৰ্তন কৰা হ'ব। এই আঁচনিৰ জৰিয়তে পথ দুর্ঘটনাগ্রস্ত লোকসকলে চিকিৎসালসমূহত ডেৰ লাখ টকা পর্যন্ত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিব। ঘাইথপথসমূহত ক্ৰমাৎ বৃদ্ধি পোৱা দুর্ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলা...

December 6, 2024 10:51 AM

views 47

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয়, যে ২০২৮ চনৰ ২২ অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। সদনৰ প্রশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সকলো ৰাষ্ট্ৰীয় প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ উল্লেখ কৰে যে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ ...

October 23, 2024 7:38 PM

views 26

ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ ওপৰত মন্ত্ৰী নীতিন গাডকাৰীৰ গুৰুত্ব

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি দেশৰ ইন্ধনৰ আমদানি শীঘ্ৰেই হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে, বর্তমান প্ৰতি বছৰে ২২ লাখ কোটি টকা মূল্যৰ ইন্ধন আমদানি কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ অভিযান্ত্রিক সম্পদ ব্যৱস্থাপনাৰ বিশ্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতক ৫ হাজাৰ কোটি ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰিবলৈ প্ৰযুক্তি হৈছে মূল চাবিকাঠি। শ্রীগাডকাৰীয়ে প্ৰয়োজনভিত্তিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ...

October 23, 2024 11:30 AM

views 18

নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত অসম, ছিকিম আৰু মিজোৰামৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। বৈঠকত শ্ৰীগাডকাৰীয়ে অসমৰ এহেজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যক সামৰি ৫৭টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। আলোচনাত স্থায়ীত্ব আৰু মিতব্যয়িতা সুনিশ্চিত কৰি যাতায়ত আন্তঃগাঁথনিৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বিষয়টোৱে আগস্থান লাভ কৰে। আনহাতে ছিকিমৰ ৩০৯ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্য সামৰি ২১টা ৰাষ্ট্ৰীয় ঘাইপথৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায...