August 6, 2025 7:20 PM
104
মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি
বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হৈছে। ৰাজ্যৰ বহুখন জিলাৰ লগতে চাহ বাগিচা অঞ্চলসমূহৰ কন্যাসকলে বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা...