মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হৈছে। ৰাজ্যৰ বহুখন জিলাৰ লগতে চাহ বাগিচা অঞ্চলসমূহৰ কন্যাসকলে বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পাছতো এই ভয়াৱহ দিশটোৰ প্ৰতি সমাজ তথা চৰকাৰ উদাসীন হৈ আছিল। নিযুত মইনা আঁচনিখন এইক্ষেত্ৰত এখন প্ৰতিবাদৰ আঁচনি বুলি তেঁও মন্তব্য কৰে। ২০২৬ চনৰ ভিতৰত ৰাজ্যত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ মন্তব্য কৰে। এইবাৰ এই আঁচনিত ৰাজ্যৰ ৪ লাখৰো অধিক ছাত্ৰীক সামৰি ল’ব বুলিও তেওঁ প্ৰকাশ কৰে। এই আঁচনিখনে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ ছাত্ৰীক সামৰি লৈছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে নতুন অসমৰ অগ্রগামী যাত্ৰাত ছাত্ৰীসকলে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগিব। ৰাজ্য চৰকাৰে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভাৱনা আৰু সম্পদৰ দুৱাৰ মুকলি কৰিছে বুলিও মন্তব্য কৰে। চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰি সকলোৰে বাবে শিক্ষা নিশ্চিত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।
আজিৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত উপস্থিত থাকে। আনহাতে ৰাজ্যৰ আন আন প্ৰান্তত মন্ত্রী, বিধায়কে এই কাৰ্যসূচীৰ উদ্বোধন কৰে। ডিব্ৰুগড়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, গোলাঘাট জিলাৰ বোকাখাতত মন্ত্ৰী অতুল বৰা, মৰিগাঁও জিলাৰ জাগীৰোডত মন্ত্ৰী পীযূষ হাজৰিকা, বাক্সাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশ্বনাথত বিধায়ক প্রমোদ বৰঠাকুৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ প্ৰ-পত্ৰ বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে। উল্লেখযোগ্য যে মাধ্যমিক শিক্ষাৰ বাবে ৭, ৮ আৰু ৯ আগষ্টত প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। এই আঁচনিৰ অধীনত উচ্চত মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী এহেজাৰ টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী এহেজাৰ ২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বিএডৰ ছাত্ৰীয়ে মাহিলী দুহেজাৰ ৫০০ টকাকৈ লাভ কৰিব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক ১০ মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত ২০২৪-২৫ বৰ্ষত এক লাখ ৬০ হাজাৰ ছাত্রীক ১৩৩ কোটি টকা বিতৰণ কৰা হৈছিল। উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।