May 16, 2025 11:43 AM

views 10

ৰাছিয়াৰ সৈতে ইস্তানবুলত হ’বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কিয়ে

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমীৰ জেলেনস্কিয়ে ইস্তানবুলত ৰাছিয়াৰ সৈতে হ'বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে বুলি ঘোষণা কৰিছে। অৱশ্যে দুয়ো দেশৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে শ্রীজেলেনস্কিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তেম উমেৰ’ভৰ নেতৃত্বত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কালি আংকাৰাত কয়, যে ইউক্রেইন আলোচনাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ৰাছিয়াৰ অভিপ্ৰায়ক লৈ সন্দেহ প্ৰকাশ কৰি শ্ৰীজেলেনস্কিয়ে মস্কোৰ প্রতিনিধি মণ্ডলত মূল সিদ্ধান্ত গ্ৰহণকাৰীৰ অনুপস্থিতিৰ বিষয়টো উত্থাপন কৰে। আমেৰিকা ...