ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কিয়ে ইস্তানবুলত ৰাছিয়াৰ সৈতে হ’বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে বুলি ঘোষণা কৰিছে। অৱশ্যে দুয়ো দেশৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে শ্রীজেলেনস্কিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তেম উমেৰ’ভৰ নেতৃত্বত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কালি আংকাৰাত কয়, যে ইউক্রেইন আলোচনাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ৰাছিয়াৰ অভিপ্ৰায়ক লৈ সন্দেহ প্ৰকাশ কৰি শ্ৰীজেলেনস্কিয়ে মস্কোৰ প্রতিনিধি মণ্ডলত মূল সিদ্ধান্ত গ্ৰহণকাৰীৰ অনুপস্থিতিৰ বিষয়টো উত্থাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্রী মার্কো ৰুবিঅ’য়ো এই বহুপ্রত্যাশিত আলোচনাত অংশগ্ৰহণ নকৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন পোনপটীয়া আলোচনাত মিলিত নোহোৱালৈকে প্ৰকৃত অগ্ৰগতিৰ আশা কৰিব নোৱাৰি। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন দেওবাৰে ইউক্রেইনৰ সৈতে পোনপটীয়া আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়াৰ পাছত ইস্তানবুলত আলোচনাৰ আয়োজন কৰা হৈছে। অৱশ্যে পাছত ৰাছিয়াই ৰাষ্ট্ৰপতি পুটিনে আলোচনাত অংশগ্রহণ নকৰে বুলি ঘোষণা কৰিছিল আৰু পুটিনৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিৰ সহযোগী ভ্লাডিমীৰ মেডিনস্কিয়ে আলোচনাত প্রতিনিধিত্ব কৰিব বুলি ক্রেমলিন মহলে প্রকাশ কৰিছিল। শান্তি আলোচনা আজি অনুষ্ঠিত হোৱাৰ কথা। ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পাছত ইস্তানবুল আলোচনা ৰাছিয়া আৰু ইউক্রেইনৰ মাজত প্ৰথম পোনপটীয়া আলোচনা হ’ব।
Site Admin | May 16, 2025 11:43 AM | Neither Zelensky nor Putin to attend the Istanbul Talks
ৰাছিয়াৰ সৈতে ইস্তানবুলত হ’বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কিয়ে
