May 14, 2025 10:04 AM

views 7

নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দুজন সদস্যক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এন আই এ) নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বৰ্ষৰ নৱেম্বৰত মণিপুৰৰ জিৰিবাম জিলাত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা আৰু বহুকেইটা ঘৰ লুটপাত কৰি জ্বলাই দিয়া কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত লোক দুজনক গ্ৰেপ্তাৰ কৰা হয়। এন আই এই এটা বিবৃতিত প্ৰকাশ কৰা অনুযায়ী বিষ্ণুপুৰ জিলাৰ আবাসী, অভিযুক্ত নংথোমবাম মেইৰাবা হৈছে উগ্ৰপন্থী সংগঠন-ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য আৰু তেওঁ মূলতঃ মহিলাগৰাকীক হত্যা কৰাৰ সৈতে জড়িত আছিল। আন এজন অভিযুক্ত থৌগল জ...