December 24, 2024 10:08 AM

views 27

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে আজি গ্রাহক পৰিক্ৰমা বিভাগে এপ মুকলি কৰিব

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে আজি গ্রাহক পৰিক্ৰমা বিভাগে জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড নামেৰে তিনিটা এপ মুকলি কৰিব। এই এপসমূহৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় গ্রাহক সুৰক্ষা কৰ্তৃপক্ষৰ আৰ্হিৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ ব্যৱস্থাসমূহৰ সামৰ্থ বৃদ্ধি কৰা ।আনহাতে জাগো গ্রাহক জাগো এপৰ লক্ষ্য হৈছে গ্ৰাহকৰ অনলাইন কার্যকলাপৰ সময়ত সকলো ইউনিভার্ছেল ৰিছ'ৰ্চ লিংক চমুকৈ ইউ আৰ এলৰ বিষয়ে প্রয়োজনীয় ই-কমার্চ প্ৰদান কৰাৰ লগতে ইউ আৰ এলৰ ক্ষেত্ৰত সৃষ্টি হোৱা অসুৰক্ষিত ব্যৱস্থাসমূহৰ বিষয়ে সতৰ্ক কৰি ...

December 24, 2024 10:06 AM

views 33

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস। গ্রাহক আন্দোলনৰ গুৰুত্ব তথা প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোতে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে গ্রাহক সুৰক্ষা আইন, ১৯৮৬ প্ৰণয়ন কৰা হৈছিল। এই আইনখনৰ লক্ষ্য হৈছে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ শোষণৰ বিৰুদ্ধে ফলপ্রসূ সুৰক্ষা প্ৰদান কৰা। ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্রী প্রহ্লাদ যোশীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গ্রাহক দিৱস উপলক্ষে আয়োজিত এখন সভাত সভাপতিত্ব ...