July 6, 2024 5:21 PM July 6, 2024 5:21 PM
5
ব্ৰিটেইনৰ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টীৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আগ্ৰহেৰে বাট চাইছে। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্রহী বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় ভূমিকা লোৱা ৰিছি ছুনাককো কৃতজ্ঞতা জনায়৷ ষ্টাৰমাৰৰ এই জয়লাভৰ ফলত ব্ৰিটেইনত...