■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলটোক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে দলটো ৰাষ্ট্ৰীয় ৰাজধানীৰ ছেভেন লোক কল্যাণ মাৰ্গত থকা থকা প্রধানমন্ত্রী বাসগৃহত উপস্থিত হয়। উল্লেখযোগ্য যে কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই দলটোক আদৰণি জনাই কয় যে, সমগ্র দেশে বাৰবাডোজৰ ভূমিত ভাৰতীয় ত্ৰিৰংগা উৰুৱাই অহা দলটোক স্বাগতম জনাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই খিতাপ জয়ৰ বাবে সকলো খেলুৱৈ, দলৰ ব্যৱস্থাপনা আৰু বি চি চি আইৰ বিষয়াসকলক কৃতিত্ব দিয়ে। প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ পাছতে ভাৰতীয় দলটো মুম্বাইলৈ উৰা মাৰে। মুম্বাইত দলটোক আদৰাৰ বাবে মুক্ত বাহনযোগে শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল। অধিনায়ক ৰোহিত শৰ্মাক এই বিজয় উদযাপন কাৰ্যসূচীত যোগদান কৰিবৰ বাবে অনুগামীসকলে আন্তৰিকতাৰে আমন্ত্রণ জনাইছে।
Assamese | July 4, 2024 2:31 PM | Cricket | ICC T20 World Cup | narendra modi
খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলক প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ