December 17, 2024 7:04 PM

views 22

নগাঁও জিলাৰ কলিয়াবৰ-চামগুৰিৰ তিনিটা জলসিঞ্চন প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ

নগাঁও জিলাৰ কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলৰ অধীনত দীৰ্ঘদিন ধৰি বিকল হৈ থকা তিনিটা জলসিঞ্চন প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জলসিঞ্চন বিভাগে কলিয়াবৰৰ বৰভগীয়াৰ সৌৰশক্তিচালিত জলসিঞ্চন প্ৰকল্পৰ লগতে কুঠৰীৰ গোহাঁই গাঁৱত থকা দ্বাৰবাগৰী গভীৰ নলী- নাদৰ দুটাকৈ সংযোগ ব্যৱস্থা পুনৰ কাৰ্যক্ষম কৰি তোলে। পূর্বে ডিজেলচালিত এই গভীৰ নলী—নাদৰ ব্যৱস্থাত নতুনকৈ বিদ্যুৎচালিত কৰি কাৰ্যক্ষম কৰি তোলা হৈছে। ইয়াৰ জৰিয়তে জিলাখনৰ প্ৰায় ১০ হেক্টৰ কৃষিভূমিত পানীযোগান ব্যৱস্থা কাৰ্যকৰী হৈ উঠ...

November 5, 2024 6:35 PM

views 26

নগাঁওত চামগুৰি বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত অনুৰাগ গোৱেলৰ বৈঠক

 ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নগাঁও জিলাত উপস্থিত হৈ চামগুৰি বিধানসভা সমষ্টিৰ আসন্ন উপ- নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্বাচনৰ বাবে গঠিত বিভিন্ন কোষৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত তেওঁ বিষয়াসকলক নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ আহ্বান জনায়। নিৰ্বাচনী বিষয়াগৰাকীয়ে সভাত ই ভি এম কমিছনিং কৰাৰ লগতে ষ্ট্ৰং ৰুমো পৰিদৰ্শন কৰে।

August 8, 2024 6:46 PM

views 28

ধিঙত আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ ধিঙত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হুমায়ুন কবিৰ নামৰ বাংলাদেশী লোকজনৰ পৰা আৰক্ষীয়ে দুখন বাংলাদেশৰ মোবাইল ছিমকাৰ্ড আৰু মোবাইল হেণ্ডছেট জব্দ কৰে। লোকজনে দেশখনৰ ছিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকী হৈ অসমত প্ৰৱেশ কৰিছিল। ধিং বজাৰত ব্যৱসায়ৰ বাবে গৰু ক্ৰয় কৰাৰ সময়ত লোকজনক গ্ৰেপ্তাৰ কৰা হয়।