December 19, 2025 6:46 PM

views 12

আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত নগাঁও জিলা প্রশাসনৰ উচ্ছেদ

নগাঁও জিলা প্রশাসনে আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা ৮ বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁ জিলাৰ সংবাদদাতাই জনোৱা মতে, গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোকে বিলখনত পাৰ বান্ধি বৃহৎ পুখুৰী খান্দি বহু বছৰ ধৰি মাছৰ ব্যবসায় কৰি আহিছিল। ইয়াৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষত...

December 18, 2025 6:36 PM

views 19

বিদেশী বুলি ঘোষণা কৰা নগাঁও জিলাৰ ১৫ জন লোকক ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি

বিদেশী ন্যায়াধীকৰণে নগাঁও জিলাৰ ১৫ জন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত দেৱাশীষ শর্মাই এটা নির্দেশযোগে লোককেইজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। এই নির্দেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ ঠিকনা দিয়া এই লোককেইজনৰ ৰাজ্যৰ অন্যান্য ঠাইতো ঠিকনা আছে।

December 17, 2025 12:54 PM

views 14

নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ দখলিকৃত চৰকাৰী ভূমিত উচ্ছেদ অভিযান অব্যাহত

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ দখলিকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত আছে। আজি ৰৌমাৰী বিল, মৈৰাধবজ, বেচামাৰী, শালমৰাবৰি, অকৰাবৰি আৰু গেলেকনি বিলৰ ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হৈছে। এই অভিযানৰ বাবে তিনি শতাধিক আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ বৃহৎ দলে উচ্ছেদ হৈ থকা স্থানসমূহ ঘেৰি ৰাখিছে যাতে কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা হ'ব নোৱাৰে। এই অভিযান ১৯ আৰু ২০ ডিচেম্বৰতো চলিব। উল্লেখযোগ্য যে কালি পুৱা ৮ বজাত আৰম্ভ কৰা এই অভিযানত টুকটুকী, শালনাবাৰী আৰু আহোম গা...

December 16, 2025 7:42 PM

views 23

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩, ৪৭১ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি প্রশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনৰ এই উচ্ছেদ অভিযান অহা ২০ ডিচেম্বৰলৈকে চলিব। উল্লেখযোগ্য যে অঞ্চলটোত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি মীন পালনৰ বাবে পুখুৰী খান্দিছিল। প্রশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰে। ধিং ৰাজহ চক্ৰৰ শালনাবাৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত জিলা প্রশাসনে উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে।

December 4, 2025 12:26 PM

views 21

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ নগাঁও জিলা প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ এটা দলে অঞ্চলট...

August 28, 2025 1:12 PM

views 23

ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত

 নগাঁও জিলা প্রশাসনে কালি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল। জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একাংশ দখলকাৰীয়ে বাসগৃহ এৰি অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্রশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে। ধিং ৰাজহ চক্ৰৰ আন ৭ খন গাঁৱৰ এহেজাৰ ৪৭ বিঘা চৰকাৰী ভূমিত দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ৰাজহচক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে জানিবলৈ দিছে। বালি...

August 27, 2025 8:03 PM

views 15

উচ্ছেদ অবিহনেই নগাওঁ জিলাৰ ধিং ৰাজহ চক্ৰৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত

নগাঁওৰ জিলা প্ৰশাসনে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি ঘোষণা কৰিছে। চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল । জিলা প্ৰশাসনৰ আহ্বানক সহাৰি জনাই একাংশ অবৈধ দখলকাৰীয়ে নিজে ঘৰ দুৱাৰসমূহ অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্রশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে। ধিং ৰাজহ চক্ৰৰ আন ৭ খন গাঁৱৰ এহেজাৰ ৪...

July 31, 2025 8:20 PM

views 25

নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত অংগনবাড়ী কর্মীসকলক স্মার্ট ফোন বিতৰণ

ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশৰ বিভাগৰ অধীনত নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি অংগনবাড়ী কর্মীসকলৰ সহায় হোৱাকৈ স্মার্ট ফোন বিতৰণ কৰা হয় ৷ নগাঁও চহৰৰ সাংস্কৃতিক প্রকল্পত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মা উপস্থিত থাকে। শ্রীশৰ্মাই বিশেষভাৱে সক্ষম লোকসকলক হুইল চেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰে। অনুষ্ঠানত নগাঁও জিলা আয়ুক্তৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

March 25, 2025 7:57 PM

views 19

অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ নগাঁও শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ ঐতিহ্য বহনকাৰী স্থান আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কত এখন আলোকচিত্র প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আগ্ৰহী প্ৰতিযোগীসকলে এই বিষয়ৰ সৈতে সংগতি থকা এ-থ্রী ছাইজৰ এখন ফটো তুলি এই সন্দৰ্ভত ২০০ শব্দৰ ভিতৰত এটা লেখা আয়ুক্তৰ কাৰ্যাল...

March 8, 2025 7:00 PM

views 26

অহা ১৩ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্রা মহোৎসৱ

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত বটদ্ৰৱা থানত সমাগত শ্ৰীশ্ৰীকৃষ্ণ দৌলযাত্রা মহোৎসৱ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। অহা ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্রা মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ এই বৈঠকত সমাগত দৌল মহোৎসৱত আইন শৃংখলাকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগক প্রয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ জিলা প্রশাসন সাজু আছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰে।