April 4, 2024 8:40 PM April 4, 2024 8:40 PM

views 19

নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসমৰ ৫টা সমষ্টি ক্রমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ৰাজ্যত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কল...