May 5, 2025 12:45 PM
17
অহা মাহৰ শেষৰফালে মিজোৰামৰ আইজল ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা
মিজোৰামৰ ৰাজধানী আইজলৰ সৈতে অহা মাহৰ শেষৰফালে ৰে'ল যোগাযোগ স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা মতে অহা মাহৰ শেষৰ ফালে মিজোৰামৰ ভৈৰৱী চাইৰাং ৰে'লপথ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰকাশ কৰা মতে পহিলা মে’ত মিজোৰামৰ আইজলৰ চাইদাঙলৈ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ৰে'ল চলাচল কৰা হয়। ইয়াৰ লগে লগে মিজোৰাম ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্কৰ সৈতে সংযুক্ত হোৱা উত্তৰ-পূবৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত ...