মিজোৰামৰ ৰাজধানী আইজলৰ সৈতে অহা মাহৰ শেষৰফালে ৰে’ল যোগাযোগ স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা মতে অহা মাহৰ শেষৰ ফালে মিজোৰামৰ ভৈৰৱী চাইৰাং ৰে’লপথ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰকাশ কৰা মতে পহিলা মে’ত মিজোৰামৰ আইজলৰ চাইদাঙলৈ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ৰে’ল চলাচল কৰা হয়। ইয়াৰ লগে লগে মিজোৰাম ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হোৱা উত্তৰ-পূবৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ মহা-
প্ৰবন্ধক অৰণ কুমাৰ চৌধুৰীয়ে মিজোৰামত পৰীক্ষামূলক ৰে’ল চলাচলৰ সময়ত প্ৰকাশ কৰা মতে ৰে’লৱে সুৰক্ষা আয়ুক্তই অহা মাহৰ আৰম্ভণিতে ৰে’ল পথছোৱা পৰিদৰ্শন কৰিব। ইয়াৰ পৰৱৰ্তী সময়ত ১৭ জুনৰ পাছত ভৈৰৱী চাইৰাং ৰে’লপথ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে বৰাক উপত্যকাৰ মাজেৰে নিৰ্মাণ কৰা ৫১.৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভৈৰৱী- চাইৰাং ৰে’লপথ প্ৰকল্প ভাৰতীয় ৰে’লৱেৰ অভিযান্ত্রিক সাফল্য হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত ৪৮ টা সুৰংগ, ৫৫ খন বৃহৎ সেতু আৰু ৮৭ খন সৰু সেতু থাকিব। সুৰংগৰ মুঠ দৈৰ্ঘ্য ১২ হাজাৰ ৮৫৩ মিটাৰ একেদৰে ১৯৬ নম্বৰ সেতুখনৰ উচ্চতা ১০৪ মিটাৰ অৰ্থাৎ কুটুবমিনাৰতকৈও ৪২ মিটাৰ উচ্চতাত এই সেতুখন নিৰ্মাণ কৰা হ’ব। আইজললৈ পোনপটীয়া ৰে’ল চলাচলে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানী চহৰসমূহত ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীৰ সৈতে পোনপটীয়াকৈ ৰে’ল চলাচল কৰাবলৈ ২০১৪ চনত এখন আঁচনি ঘোষণা কৰিছিল। এই অনুসৰি ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ইম্ফল, নাগালেণ্ডৰ কোহিমা আৰু মিজোৰামৰ আইজলক ৰে’লযোগে সংযোগ কৰাৰ বাবে ৰে’ল মন্ত্ৰালয়ে বৃহৎ প্রকল্প গ্ৰহণ কৰে। অৱশ্যে পৰিস্থিতিগত কাৰণত শ্বিলং চহৰক ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা আঁচনিখন ৰূপায়ণ কৰিব পৰা হোৱা নাই। কোহিমা, ইম্ফল আৰু আইজলক ৰে’লযোগে সংযোগ কৰাৰ আঁচনিখন দ্রুততাৰে ৰূপায়ণ কৰি থকা হৈছে।
Site Admin | May 5, 2025 12:45 PM | Mizoram rail
অহা মাহৰ শেষৰফালে মিজোৰামৰ আইজল ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা