May 28, 2025 10:32 AM

views 11

নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মণিপুৰৰ কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটীৰ বৈঠক

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৌহার্দ্যপূর্ণ সমাধানৰ বাবে ৰাজ্যখনৰ নাগৰিক সমাজ সংগঠনৰ শীৰ্ষ সংস্থা কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটী চমুকৈ কোকোমিৰ সাতজন সদস্যৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্রালয়ে কোকোমিৰ প্ৰতিনিধি দলটোক এই সপ্তাহৰ আৰম্ভণিতে বিশেষ আমন্ত্ৰণ দিছিল। মন্ত্ৰালয়ৰ হৈ উত্তৰ-পূব পৰিক্ৰমা উপদেষ্টা এ কে মিশ্ৰ আৰু যুটীয়া সঞ্চালক ৰাজেশ কামলেই প্রতিনিধিত্ব কৰে। প্ৰতিনিধিৰ দলটোৱে যোৱা ৩ মে'ত ইম্ফলত আয়োজিত বিশাল গণ...