June 1, 2024 6:42 PM

views 29

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সপ্তম প্রতিষ্ঠা দিৱস উদযাপন

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সপ্তম প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। এই অনুষ্ঠানত মাজুলী, কিছু অনালোচিত দিশ শীর্ষক বিষয়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য তথা ইতিহাসবিদ ড° ডম্বকধৰ নাথে বক্তৃতা দিয়ে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শীৰ্ষ গীতটি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক জাহ্নবী গগৈয়ে।

May 31, 2024 7:59 PM

views 23

প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত মাজুলীত বিশাল সজাগতামূলক শিবিৰ

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও গাঁও পঞ্চায়তত আজিৰে পৰা ২৮ জুনলৈ প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত বিশাল সজাগতামূলক শিবিৰ অনুষ্ঠিত হৈছে। হিতাধিকাৰী কৃষকসকলৰ সুবিধার্থে গাওঁ পঞ্চায়তসমূহত মাহযোৰা কাৰ্যসূচীৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বেংক তথা সামুহিক সেৱাকেন্দ্ৰৰ কৰ্মচাৰীয়ে কৃষকসকলক আঁচনি সম্বন্ধীয় বিভিন্ন সমস্যা সমাধানৰ বাবে সহায় কৰিব। এই কাৰ্যসূচীত অংশ লৈ কৃষকসকলে আঁচনিৰ সুবিধা লাভৰ ক্ষেত্...

May 31, 2024 7:56 PM

views 27

মাজুলীত বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা

মাজুলীৰ আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। ষষ্ঠ মানৰ পৰা দশম মান শ্ৰেণীৰ ১৫২জন ছাত্র- ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত ছাত্র-ছাত্রীসকলে শুকান, ভিজা আৰু ঘৰুৱা বিপজ্জনক জাৱৰক ঠাইতে পৃথক কৰি সঠিক ব্যৱস্থাপনা আঁকোৱালি লৈ জাৱৰমুক্ত মাজুলী গঢ়াৰ শপত লয়। উল্লেখযোগ্য যে বেচৰকাৰী সংগঠনটোৱে দেশৰ বিভিন্ন ৰাজ্যত জাৱৰ ব্যৱস্থাপনাৰ দিশত কাম কৰাৰ লগতে মাজুলীতো স্বচ্ছ মাজুলী ‘মোৰ মাজুলী প্ৰকল্পৰ অধীনত যোৱা ফেব্ৰ...

May 30, 2024 1:49 PM

views 34

মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত ৮৬ গৰাকী বিষয়া-কৰ্মচাৰীক কালি ভোট গণনাৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে...

April 26, 2024 11:57 AM

views 24

মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৫ মে’ত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনত অহা ১৫ মে'ত লোক আদালতৰ আয়োজন কৰা হৈছে। তদুপৰি যোৱা ১০ এপ্ৰিলৰ পৰা অহা ১০ মে'লৈকে মাজুলীত প্রাক- ৰাষ্ট্ৰীয় লোক আদালতৰ ব্যৱস্থা কৰা হৈছে। যিসকল লোকে বৰ্তমানলৈকে প্ৰাক-ৰাষ্ট্ৰীয় লোক আদালতত ভাগ লোৱা নাই তেওঁলোকৰ বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্স, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰ, বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয় প্রাক-মোকদমা গোচৰসমূহ লোক ৰাষ্ট্ৰীয় লোক আদালতত মীমাংসাৰ বাবে লোৱ...

April 5, 2024 1:26 PM

views 27

মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। মাজুলীত নির্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ ৭৯৬ গৰাকী প্রিজাইডিং, প্রথম পোলিং, দ্বিতীয় পোলিং আৰু তৃতীয় পোলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্রশিক্ষণ প্ৰদান কৰা হয়। মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ কৰে। মৰিগাঁও জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভ...

April 3, 2024 12:22 PM

views 86

মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

♦ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীৰ্গৰাকী পুৱা ৯.৩০ বজাত যোৰহাটৰ পৰা অফলামুখ ঘাটেৰে মাজুলীলৈ ৰাওনা হ'ব। প্ৰাৰ্থীৰ্গৰাকীয়ে প্ৰথমে বাঘৰগাঁও ৰতনপুৰ গায়ন মণ্ডলত আয়োজিত এখন নির্বাচনী সভাত অংশ ল'ব। Read More : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত  তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা  এই সভাত অংশগ্ৰহণৰ পাছত তেওঁ চিকাৰীমিচিং গাঁও লুইতপৰীয...

April 1, 2024 7:24 PM

views 81

মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত...