January 19, 2026 7:09 PM

views 19

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে আজি অনুষ্ঠিত কার্যসূচীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, বিধায়ক ভূৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সুঁতি বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ ১৬ খন গাঁৱৰ লোক উপকৃত হ'ব। এই সুঁতিটোৱে আউনীআটী সত্ৰৰ লগতে সমগ্ৰ নামনি মাজুলীলৈ খহনীয়াৰে ভাবুকি কঢ...

January 19, 2026 12:40 PM

views 42

মাজুলীত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত

মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। ১১ দিনীয়াকৈ আয়োজন কৰা এই ভাওনা সমাৰোহ অহা ২৮ জানুৱাৰীত অন্ত পৰিব। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। প্রভাতী কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ধর্মধবজ্জা উত্তোলন কৰে। ইয়াৰ পাছত ক্রমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্রদর্শনী ক্ষেত্র উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্...

January 17, 2026 7:26 PM

views 17

অসমৰ ৬৯ সংখ্যক প্রতিষ্ঠা দিৱস আজি মাজুলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত

চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ ৬৯ সংখ্যক প্রতিষ্ঠা দিৱস আজি মাজুলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে কমলাবাৰীত থকা জিলা পেঞ্চনাৰ ভৱনৰ সন্মুখত পুৱা সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলী জিলা কৰ্মচাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি কৃষ্ণকমল শইকীয়াই পতাকা উত্তোলন কৰে। মুকলি সভাত কেইবাজনো ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

January 17, 2026 12:36 PM

views 25

মাজুলীত সোমবাৰে জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলীত পৰহিলৈ জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাজুলী জিলাক জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সকলো নাগৰিককে এই প্রতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শ্রীভূমি জিলাতো ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলক সামৰ...

January 16, 2026 12:52 PM

views 33

অহা ১৮ ৰ পৰা ২৮ জানুৱাৰীলৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ

অহা ১৮ ৰ পৰা ২৮ জানুৱাৰীলৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ভাওনা সমাৰোহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। এই ভাওনা সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু তিনিখন প্রদর্শনীমূলক ভাওনা প্রদর্শন কৰা হ'ব। ২০০৬ চনৰ পৰা অনুষ্ঠিত হোৱা এই দ্বিবার্ষিক ভাওনা সমাৰোহত এইবাৰ প্ৰথমদিনা ৫০০ সূত্ৰধাৰৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। সমাৰোহত দিনৰ ভাগত শিশু-মহিলাসকলৰ মাজত বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হ'ব।

January 11, 2026 8:26 PM

views 17

মাজুলীৰ ৰূপবৰণ চিত্রকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ

মাজুলীৰ পদ্ধতিগত কলা, চিত্ৰ-ভাস্কৰ্যৰ শিক্ষানুষ্ঠান ৰূপবৰণ চিত্রকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত সমাৰোহত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আৰু চিত্ৰ প্ৰদৰ্শনী মেলাই পৰিবেশ জীপাল কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সদৌ অসম ভিত্তিত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি কেইবাগৰাকীও স্থানীয় শিল্পীক সম্বৰ্ধনা জনোৱা হয়। আজি সামৰণিৰ সন্ধিয়া মুকলি সভাৰ লগতে বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্...

January 11, 2026 12:27 PM

views 15

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ এটা চাৰিজনীয়া দলে কালি মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ, বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ এই দলটোত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, ভবেন্দ্র নাথ ভৰালী আৰু আব্দুৰ ৰছিদ মণ্ডলো আছিল। এই ভ্রমণ কালত দলটোৱে মাজুলীৰ জিলা সংহত কার্যালয়, শ্রীশ্রীআউনীআটি সত্র তথা সমীপৰ তাৰকা গৃহ আৰু বিজ্ঞান কেন্দ্র পৰিদর্শন কৰি। তেওঁলোকে দৰিয়াৰ কেঁচু সাৰ প্রকল্পও পৰিদর্শন কৰে। ইয়াৰ পাছতে মাজুলী জিলা আযুক্ত কার্যালয়ত বিধায়ক কেইগৰাকীয়ে এখন ...

January 6, 2026 7:23 AM

views 20

মাজুলীৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত

মাজুলী জিলাৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত হৈছে। অহা ৯ জানুৱাৰীলৈ মুকলি থাকিবলগীয়া এই মেলা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত অসম ক্ষুদ্র উদ্যোগ বিকাশ লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হৈছে। আজি দিনৰ ১ বজাত বিধায়ক ভূৱন গামে মেলাৰ উদ্বোধন কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, মাজুলীৰ সহকাৰী প্ৰৱন্ধক জনার্দন দাসে আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক ৰাজকুমাৰ বড়ি, জিলা পৰিষদৰ সভানেত্ৰী নৱনিতা দাস আ...

December 25, 2025 11:41 AM

views 16

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ'ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০১০ চনৰ ২৫ ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্রতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰ...

December 18, 2025 4:18 PM

views 35

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত নিয়োগেৰে সংস্থাপনৰ বাট মুকলি কৰিছে।