September 2, 2024 6:30 PM

views 25

মাজুলীৰ বগৰীগুড়ি মিচিং গাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত

মাজুলীৰ জিলা মহিলা সৱলীকৰণৰ উদ্যোগত তথা জিলা আইনসেৱা প্ৰাধীনকৰণৰ উদ্যোগত বগৰীগুড়ি মিচিং গাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত ঘৰুৱা হিংসা প্ৰতিৰোধী আইন, কর্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নির্যাতন প্ৰতিৰোধী আইন, যৌতুক প্ৰতিৰোধী আইন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে বাল্য বিবাহ প্ৰতিৰোধী আইন, শিশু শ্রমিক আইন সম্পর্কেও সাধাৰণ ৰাইজক অৱগত কৰোৱা হয়। মাজুলী জিলাৰ মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামেগামে সমল ব্যক্তি হিচাপে সভাত অংশ লয়।

August 12, 2024 7:39 PM

views 30

ৰাজ্য চৰকাৰৰ দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি

ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডচমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত ৰাজ্য চৰকাৰে দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি কৰে । অসম এইডচ নিয়ন্ত্রণ ছ’চাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এই অভিযানে মাদক দ্ৰব্যৰ প্ৰচলন অধিক হিচাপে চিনাক্ত হোৱা ১০ খন জিলাৰ এহেজাৰখন গাঁও সামৰি ল'ব। এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ধুবুৰী, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাৰ্বিআংলং, কাছাৰ আ...

July 13, 2024 1:01 PM

views 46

মাজুলীত বানৰ পাছত হ’ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন প্ৰশাসনৰ

● মাজুলী জিলা প্রশাসনে জিলাখনত বানৰ পাছত হ'ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্রতিদিনে বিভিন্ন ঠাইত আয়োজন কৰা স্বাস্থ্য শিবিৰত ভালেমান জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অৱগত কৰাৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি বানত ক্ষতিগ্র...

July 11, 2024 8:17 PM

views 32

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ দেহাৱসান

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী অতুল বৰা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱব একান্ত অনুগামী দেৱ গোস্বামীয়ে অসমীয়া জাতি জীৱনলৈ আগবঢ়োৱা অৱদানক ৰাজ্যবাসীয়ে স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। একেদৰে মন্ত্ৰী বৰা আৰু ডা০ পেগুৱে দেৱ গোস্বামীৰ মৃত্যু জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি ব...

June 28, 2024 6:31 PM

views 16

মাজুলী জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত সজাগতা সভা

মাজুলী জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু বৰগুৰি যোৰবিল ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু জেংৰাই বালিচাপৰি ৰংগমঞ্চৰ কৰ্মকৰ্তাৰ সহযোগত শিশু সুৰক্ষাৰ সন্দৰ্ভত কালি দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়া আৰু কেইবাগৰাকীও সমাজকর্মী উপস্থিত থাকে।

June 18, 2024 6:28 PM

views 31

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।

June 14, 2024 6:54 PM

views 27

মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী

প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী কেইটাত জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

June 14, 2024 12:35 PM

views 22

মাজুলীত পথ সুৰক্ষাৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত বৈঠক অনুষ্ঠিত

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ পথ সুৰক্ষাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ড° কাবেৰী বি শৰ্মা বৈঠকখনত উপস্থিত থাকি ইণ্টিগ্রেটেড ৰোড এক্সিডেণ্ট ডাটাবেছত আৰক্ষী, পৰিবহণ, পি ডব্লিউ আৰ ডি আৰু স্বাস্থ্য বিভাগক প্ৰত্যেকটো বাহন দুৰ্ঘটনা নবীকৰণ কৰিবলৈ আৰু প্ৰতিটো দুৰ্ঘটনাৰ তথ্য আই ৰেড এপ্লিকেচনত পঞ্জীয়ন কৰিবলৈ স্বাস্থ্যৰ যৌথ সঞ্চালকক পৰামৰ্শ দিয়ে। বৈঠকত মাজুলী জিলা পৰিবহণ বিষয়া, সহকাৰী বলৱৎকাৰী পৰিদৰ্শককে ধৰি আন আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।  

June 10, 2024 7:06 PM

views 16

মাজুলীত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান

মাজুলী জিলা কৃষি বিভাগৰ অধীনত আটমাৰ উদ্যোগত আজি গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰি গাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। এই অনুষ্ঠানত প্ৰশিক্ষণপ্রাপ্ত মহিলাসকলৰ মাজত খেতিৰ বাবে যাৱতীয় সামগ্রীও বিতৰণ কৰা হয়। গড়মূৰ আৰু কমলাবাৰী কৃষি চক্ৰৰ কেইবাগৰাকীও কৃষি উন্নয়ন বিষয়াৰ লগতে কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা মাধুৰীমা দত্তই এই প্রশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে।

June 1, 2024 8:12 PM

views 29

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক সজাগতা সভা

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকে।