December 11, 2025 12:24 PM

views 11

চৰাইচোঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গৱেষণা কেন্দ্র স্থাপন

মাজুলীৰ চৰাইচোঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গবেষণা কেন্দ্র স্থাপন কৰা হ'ব। স্বেচ্ছাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত চৰাইচোং মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি সংগঠনটোৰ কর্তৃপক্ষই এই বিষয়ে প্রকাশ কৰে। ৩৯০ বছৰীয়া ইতিহাস সমৃদ্ধ এই চৰাইচোঙত ১৬৩৩ খ্রীষ্টাব্দত স্বৰ্গদেউ প্রতাপ সিংহই চৰাইচোং আৱিষ্কাৰ কৰি বাঙলী বাহৰ পাতি চৰাইৰ যুঁজ উপভোগ কৰিছিল। এই ইতিহাসত পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিভ্ৰমী পক্ষীৰ আগমনস্থলী চৰাইচোঙক কেন্দ্র কৰি এই উৎসৱ উদযাপন কৰি অহা হৈছে...

December 8, 2025 11:38 AM

views 31

কালিৰে পৰা চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত

অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোঙৰ ৩৯২ বছৰীয়া ঐতিহ্য পুনৰ উজ্জিৱীত কৰাৰ উদ্দেশ্যেৰে কালিৰে পৰা চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত হৈছে। ১৬৩৩ খৃষ্টাব্দত স্বৰ্গদেউ প্রতাপ সিংহই সংৰক্ষণ ক্ষেত্ৰ হিচাপে মাজুলীত আৰম্ভ কৰা উদ্যানখনক পক্ষী বিচৰণক্ষেত্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ ৪ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলী সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱ কালি গছপুলি ৰোপন কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। চৰাইচোং মহোৎসৱত ১০ খনকৈ গ্রন্থ প্রকাশ, দুখন প্রকৃতি বিষয়ক আলোচনাচক্র, বাণিজ্য ...

December 5, 2025 7:25 PM

views 16

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত আৰু স্থানীয় ৰাইজ সহযোগত বিহিমপুৰ সত্ৰৰ ৰংগমঞ্চ প্ৰাংগণত কালিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

December 3, 2025 4:12 PM

views 28

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত মাজুলীলৈ ফেৰী চলাচল ব্যাহত

● ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত মাজুলীলৈ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। বতৰ মুকলি হোৱাৰ লগে লগে এই সেৱা মুকলি কৰা হ'ব পাৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি পুৱাৰ ভাগত মাজুলী অফলামুখৰ ফেৰী যাতায়াত বন্ধ ৰখা হয় বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে। অৱশ্যে শেহতীয়া বাতৰি অনুসৰি এই সেৱা পুনৰ আৰম্ভ কৰা হয়। একেদৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাও কিছু সময়ৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছিল যদিও কুঁৱলী আঁতৰি যোৱ...

December 1, 2025 10:41 AM

views 30

মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন

● দেউৰী পিপলছ জাষ্টিচ ফৰাম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কালি মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ টেমছ পঙটেকলৈ ২০২৫ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হয়। লখিমপুৰৰ গোবিন্দ বিশ্বকৰ্মাক ভীমবৰ দেউৰী যুৱ বঁটা, গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰাক ভীমবৰ দেউৰী সমন্বয় বঁটা আৰু অৰুণাচলৰ উদ্যোগপতি কাকু ইজাত টামিনলৈ যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হয়। জননেতা ভীমবৰ দেউৰী বঁটা গ্ৰহণ কৰি অৰ...

November 11, 2025 6:47 PM

views 35

ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ’ব

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱলৈ অহা ভকত-বৈষ্ণৱক আদৰিবলৈ সত্ৰখন সাজু হৈ উঠিছে। সত্ৰখনৰ নামঘৰৰ লগতে বৈষ্ণৱসকলৰ বহা আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মহোৎসৱৰ বাবে মাজুলীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে।

October 10, 2025 8:20 PM

views 30

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে। সভাখনত মাজুলীৰ ৭০ খন ৰাস মঞ্চৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰা মাটিৰ চাকিৰে পোহৰৰ উৎসৱ উদযাপন কৰি জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাব বুলি একেখন বৈঠকতে সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ নাম জ...

September 9, 2025 3:24 PM

views 27

বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন

■ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। ২০১৬ চনৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচুকৰ মাধৱদেৱ কৃষ্টি সংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত যোৱানিশা এখন ভাওনা প্ৰদৰ্শন কৰা হয় ৷

August 25, 2025 10:46 AM

views 34

মাজুলীৰ চেলেকঘাটত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

■ নামনি মাজুলীৰ চেলেকঘাটত আজি পুৱা অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত তিনিখন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট নহয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

August 19, 2025 6:27 PM

views 25

শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত মাজুলীৰ সংকুলৰ এখন বিজ্ঞান মেলা অনুষ্ঠিত

শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত মাজুলীৰ সংকুলৰ এখন বিজ্ঞান মেলা আজি ফুলনিত অনুষ্ঠিত হয়। এই বিজ্ঞান মেলাত বিজ্ঞান আৰ্হী, বিজ্ঞান প্রশ্নবাচন আৰু বিজ্ঞান পত্ৰবাচন প্ৰতিযোগিতাৰ মাজুলী সংকুলৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।