October 2, 2025 8:43 PM

views 35

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাতিৰ পিতালৈ শ্ৰদ্ধা নিবেদন

● জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ ভিন ভিন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ পল্টন বজাৰত আয়োজিত স্বচ্ছতা অভিযানত অংশগ্রহণ কৰে। তেওঁ গান্ধীজীৰ প্ৰতি পুষ্পার্ঘ্য্য তৰ্পন কৰি তেওঁৰ আদর্শই সকলোকে অনুপ্রাণিত কৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে চাফাই কৰ্মীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। শ্ৰীআচাৰ্যই এই চাফাই কৰ্মীসকলে বিশুদ্ধ খোৱাপান...

January 30, 2025 8:48 PM

views 20

নতুন দিল্লীৰ গান্ধী স্মৃতিত সর্বধর্ম প্রার্থনা সভাত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে নতুন দিল্লীৰ গান্ধী স্মৃতিত এখন সর্বধর্ম প্রার্থনা সভাত ভাগ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ মৃত্যু বার্ষিকীত তেওঁৰ প্রতি শ্রদ্ধা নিবেদন কৰে। শ্রী মোদীয়ে এটা বার্তাত কয়, যে মহাত্মা গান্ধীৰ আদর্শই দেশবাসীক এখন উন্নত ভাৰত নিৰ্মাণ কৰিবলৈ সদায় অনুপ্রাণিত কৰি আহিছে। প্রধানমন্ত্রীয়ে লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্রতি শ্রদ্ধা জনায় তেওঁলোকৰ সেৱা আৰু ত্যাগক সোঁ...

January 30, 2025 6:39 PM

views 24

সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় ছহিদ দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত কাৰ্যসূচীত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবসহ শীর্ষ আমোলা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় ছহিদ দিৱস পালন কৰে। এন এছ ইউ আইৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত মহাত্মা গান্ধীৰ প্রতি শ্রদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ লগতে অসম প্রদেশ কংগ্ৰেছ...

January 30, 2025 3:40 PM

views 32

মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এখন প্ৰাৰ্থনা সভাতো অংশ লয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহাত্মা গান্ধীয়ে অনুসৰণ কৰা সত্য আৰু অহিংসাৰ পথ ল'বলৈও আহ্বান জনায়। উল্লেখযোগ্য যে ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈ দক্ষিণ মুম্বাইৰ এই মণি ভৱন গান্ধীজীৰ বাসগৃহ সদৃশ হৈ পৰিছিল। গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্ৰহ আৰু ১৯৩২ চনত আইন অমান...

January 30, 2025 3:39 PM

views 23

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য অর্পণ

সমগ্র দেশে আজি ছহিদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অর্পণ কৰিছে। এই উদ্দেশ্যে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, মনোহৰ লাল খাট্টাৰ, স্থল, জল আৰু বায়ু সেনাৰ তিনিওগৰাকী প্ৰধান তথা প্ৰতিৰক্ষা বিভা...

January 30, 2025 10:58 AM

views 32

জাতিৰ পিতা গান্ধীজীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য

সমগ্ৰ ৰাষ্ট্ৰই মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত আজি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মৃত্যু বার্ষিকী উপলক্ষে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰই প্ৰতিবছৰে ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ জীৱন আৰু ঐতিহ্যৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ বাবে ভাৰতীয় সংগ্ৰামৰ প্ৰেৰণাৰ মূল উৎস আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৃত্যু বার্ষিক...