সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় ছহিদ দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত কাৰ্যসূচীত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবসহ শীর্ষ আমোলা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় ছহিদ দিৱস পালন কৰে। এন এছ ইউ আইৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত মহাত্মা গান্ধীৰ প্রতি শ্রদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, জ্যেষ্ঠ নেতা ৰিপুণ বৰা, মীৰা বৰঠাকুৰ আৰু বিধায়ক নন্দিতা দাস উপস্থিত থাকে। ৰাজ্যৰ আন আন প্ৰান্ততো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ছহিদ দিৱস পালন কৰা হয়।
Assamese | January 30, 2025 6:39 PM | Mahatma Gandhi
সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন