July 19, 2024 7:43 PM

views 15

২৮ জুলাইত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক-যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্রীমোদীয়ে জনসাধাৰণক মাই গভ, নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ লগতে ১৮০...

June 30, 2024 5:52 PM

views 16

মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই প্রধানমন্ত্রী মোদীৰ সন্তুষ্টি প্রকাশ

এটা সপ্তাহৰ পাছত আৰম্ভ হব লগা পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভগৱান জগন্নাথে দেশবাসীক সদায়ে আশীর্বাদ দি থাকিব বুলি আশা প্রকাশ কৰে। তেওঁ অমৰনাথ যাত্ৰা আৰু পন্ধাৰপুৰৱাৰীত অংশ লোৱা তীর্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই সন্তুষ্টি প্রকাশ কৰিছে। তেওঁ কয় যে, কেইমাহমানৰ বাবে মন কী বাত অনুষ্ঠান স্থগিত আছিল যদিও দেশত মন কী বাতৰ সন্দৰ্ভত এটা উৎসাহ আছি...

June 30, 2024 5:49 PM

views 27

আকাশবাণীৰ সংস্কৃত বুলেটিনৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক  প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আকাশবাণীৰ সংস্কৃত বুলেটিন প্ৰচাৰৰ আজি ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত ৫০ বছৰে এই বুলেটিনে ভালেমান জনসাধাৰণক সংস্কৃতৰ সৈতে সংপৃক্ত কৰি ৰাখিছে শ্রীমোদীয়ে কয় যে, প্রাচীন ভাৰতীয় জ্ঞান আৰু বিজ্ঞানৰ অগ্ৰগতিত সংস্কৃতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ সংস্কৃতক জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত আৰু সন্মান প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

June 30, 2024 5:43 PM

views 15

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত অহা মাহত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকৰ কথা উল্লেখ কৰে। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত টকিঅ' অলিম্পিকত ভাৰতৰ দলটোৱে কৰা প্ৰদৰ্শনে দেশবাসীৰ মন জয় কৰে। প্রধানমন্ত্রী মোদীয়ে সমাগত পেৰিছ অলিম্পিকতো প্ৰথমবাৰৰ বাবে নিশ্চিতভাৱে আৰু ভাল প্ৰদৰ্শন দেখিবলৈ বুলি মত প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয় যে, সমগ্র দেশে খেলুৱৈসকলে পদক অৰ্জন কৰি ঘৰলৈ ঘুৰি আহিব বুলি সমগ্র দেশে আশাৰে বাট চাই আছে। তেও...

June 30, 2024 5:38 PM

views 27

জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰাৰ বাবে নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত কয় যে, সমগ্র বিশ্বই দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে পালন কৰিছে। তেওঁ কয় যে, যোগ দিৱসৰ আয়োজন আগবঢ়াৰ লগে লগে প্ৰতিবছৰে নতন নতুন অভিলেখৰো সৃষ্টি হৈছে। এনে ধৰণৰ একাংশ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চৌদি আৰৱত এইবেলি অল হনৌফ নামৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে যোগাভ্যাসত নেতৃত্ব দিয়ে। ইজিপ্তত যোগাভ্যাসৰ দিনা এখন ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নীল নৈৰ পাৰ, লোহিত সাগৰৰ তীৰত আৰু পিৰামিদৰ সন্মুখত লাখ লাখ লোকে যোগ...

June 30, 2024 5:34 PM

views 24

জম্মু কাশ্মীৰৰ স্নোপিজ নামৰ বিশেষ মটৰ মাহৰ পুলৱামাৰ পৰা লণ্ডনলৈ প্ৰথমটো খেপ প্ৰেৰণ

জম্মু কাশ্মীৰৰ স্নোপিজ নামৰ বিশেষ মটৰ মাহৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অলপতে পুলৱামাৰ পৰা লণ্ডনলৈ এই মটৰৰ প্ৰথমটো খেপ প্ৰেৰণ কৰা হৈছে। এই সফলতাই জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সমুদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। প্রধানমন্ত্রীয়ে লগতে # my prouducts my pride ৰ জৰিয়তে এনেধৰণৰ সামগ্ৰীৰ বিৱৰণ আগবঢ়াবলৈ শ্ৰোতাসকলৰ প্ৰতি আহ্বান জনায়।

June 30, 2024 5:32 PM

views 25

কাৰথুম্বি নামৰ বিশেষ ছাতিৰ নিৰ্মাণ কৰাৰ বাবে কেৰালাৰ জনজাতীয় মহিলাসকলক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

বাৰিষা ঋতু সন্দৰ্ভত মত প্ৰকাশ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাত নিৰ্মাণ কৰা কাৰথুম্বি নামৰ এবিধ বিশেষ ছাতিৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ৰং বিৰঙৰ ছাতি নিৰ্মাণ কৰাৰ বাবে কেৰালাৰ জনজাতীয় মহিলাসকলৰ প্ৰশংসা কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত এই ছাতিৰ বৰ্ধিত চাহিদাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, মহিলাৰ নেতৃত্বত কেৰালাৰ জনজাতীয় সম্প্রদায়ে উদ্যমশীলতাৰ অপূৰ্ব নিদর্শন আগবঢ়াইছে। তেওঁ কয় যে এই মহিলাসকলে খুচুৰা বিপনী আৰু পৰম্পৰাগত কাফে মুকলি কৰাৰ প্ৰস্...

June 30, 2024 5:20 PM

views 37

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণক শলাগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি শ্রীমোদীয়ে কয় যে, চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচন বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰূপে পৰিগণিত হৈছে আৰু এইবাৰৰ লোকসভা নিৰ্বাচনত ৬৫ কোটি লোকে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। বিশ্বৰ আন কোনো দেশত কেতিয়াও ইমান সংখ্যক লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। শ্রীমোদীয়...

June 24, 2024 6:14 PM

views 24

৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ ১১১ সংখ্যক খণ্ড মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচা...

June 23, 2024 12:18 PM

views 41

১১১ সংখ্যক মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচা...