December 29, 2025 11:41 AM

views 26

ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়, যে এই বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ কৰিব পৰাকৈ ভালেমান স্মৃতি দি গৈছে। অপাৰেচন সিন্দূৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। তেওঁ বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনত দেশবাস...

December 28, 2025 6:33 PM

views 15

ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্রধানমন্ত্ৰীৰ ‘মন কী বাত’ত প্ৰকাশ

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত শ্রীমোদীয়ে আজি এই মন্তব্য কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোৰ বিষয়ে আলোকপাত কৰি কয়, যে বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ অনুভৱ কৰিব পৰাকৈ যথেষ্ট স্মৃতি দি গৈছে। অপাৰেচন সিন্দুৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ কৰিব পৰা আট...

November 27, 2025 3:47 PM

views 33

দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে কাইলৈ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

September 16, 2025 1:19 PM

views 27

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্রদর্শনীখনত প্ৰখ্যাত শিল্পী মনজিৎ সিঙে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰ কৰা মন কী বাত অনুষ্ঠানৰ অনুপ্ৰেৰণাত এখন চিত্র শৃংখলা প্ৰদৰ্শন কৰিব। অধ্যাপিকা ৰীচা কাম্বজৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰদৰ্শনী কাইলৈৰ পৰা ২২ ছেপ্তেম্বৰলৈ জনসাধাৰণৰ বাবে মুকলি থাকিব।

August 31, 2025 9:35 PM

views 27

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিতঃ প্রধানমন্ত্ৰী

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয়, যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। জীৱনৰ সৈতে জড়িত সকলো সামগ্রী স্বদেশী হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উৎসৱৰ আনন্দৰ মাজত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ জনসাধাৰণক আহ্বান জনায়। এইবাৰ বাৰিষা কালত প্ৰাকৃতিক বিপর্যয়ে যেন ...

August 30, 2025 10:24 PM

views 18

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ এঘাৰ বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠানৰ লাইভ স্ট্রিমিং কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ...

May 24, 2025 4:07 PM

views 18

কাইলৈ দিনৰ ১১বজাত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ ১১বজাত দেশ-বিদেশৰ লোকৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান AIR News ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউৱ চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। হিন্দী প্ৰচাৰৰ ঠিক পাছতে আ...

May 20, 2025 12:56 PM

views 22

অহা ২৫ মে’ত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ মে’ত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ১৮০০-১১-৭৮০০ টোল ফ্রি নম্বৰৰ জৰিয়তে নিজৰ মনৰ ভাব আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও প্রধানমন্ত্ৰীলৈ নিজৰ দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। অহা ২৩ মে পর্যন্ত জনসাধাৰণৰ পৰামৰ্শসমূহ গ্ৰহণ কৰা হ'ব ।

May 19, 2025 9:32 PM

views 34

২৫ মে’ৰ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ মে'ৰ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। জনসাধাৰণে তেওঁলোকৰ দিহা পৰামৰ্শ টোল ফ্রি নম্বৰ ১৮০০ ১১ ৭৮০০ ৰ জৰিয়তে জনাব পাৰিব। লগতে মাই গভ মুকলি মঞ্চ আৰু নমো এপৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। এই মাহৰ ২৩ তাৰিখলৈ দিহা পৰামৰ্শ সমূহ গ্ৰহণ কৰা হ'ব।

April 26, 2025 7:05 PM

views 27

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২১ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী- দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউ টিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচা...