August 12, 2024 6:03 PM

views 17

অহা ২৫ আগষ্টত আকাশবাণীৰ যোগে প্রধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৩ আগষ্ট পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। - আকাশবাণী...

August 12, 2024 11:20 AM

views 12

২৫ আগষ্টত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৩ আগষ্ট পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব । আকাশবাণী...

July 28, 2024 6:56 PM

views 26

স্বাধীনতা দিৱসৰ ভাষণৰ বাবে মাই গভ অথবা নমো এপৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ আহ্বান

আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্রোতাসকলক ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানত অংশগ্রহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, জাতীয় পতাকাৰ গৌৰৱ তুলি ধৰাৰ ক্ষেত্ৰত হৰ ঘৰ তিৰংগা অভিযান সম্প্রতি বিশেষ উৎসৱত পৰিণত হৈছে। স্বাধীনতা দিৱসৰ ভাষণত তেওঁ যাতে বিভিন্ন বিষয় সামৰি লব পাৰে, তাৰ বাবে মাই গভ অথবা নমো এপৰ জৰিয়তে পৰামৰ্শ আগবঢ়াবলৈ প্রধানমন্ত্রীয়ে দেশবাসীক আহ্বান জনায়।

July 28, 2024 6:54 PM

views 28

দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বৰ্ধিত সংঘাতত প্ৰধানমন্ত্ৰীৰ উদ্বিগ্নতা প্রকাশ

কাইলৈ সমগ্ৰ বিশ্বতে আন্তর্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হব। এই সন্দৰ্ভত আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বাঘ ভাৰতীয় সংস্কৃতিৰ অপৰিহাৰ্য্য অংশ হিচাপে বিবেচিত হৈ আহিছে আৰু অৰণ্যৰে পৰিবেষ্টিত গাওঁসমূহত বাস কৰা লোকসকলে বাঘৰ সৈতে কিদৰে সমন্বয়ৰে বাস কৰিব পাৰি সেয়া ভালদৰে জানে। তেওঁ দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বাঢ়ি অহা সংঘাতত উদ্বিগ্নতা প্রকাশ কৰে। বাঘ আৰু মানুহৰ মাজত সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত ৰাজস্থানৰ কুলহাৰী বেণ্ড পঞ্চায়তে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কথা উল্লেখ ক...

July 28, 2024 6:50 PM

views 15

ভাৰতক ড্ৰাগছ মুক্ত কৰাত জড়িত সকলো লোক আৰু সংস্থাক মানস হেল্পলাইন ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

ড্ৰাগছে সৃষ্টি কৰা ভয়াবহ প্ৰত্যাহ্বানৰ উল্লেখ কৰি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰতিটো পৰিয়ালকে তেওঁলোকৰ সন্তান ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে বুলি আশংকাত দিন কটাবলগীয়া হৈছে। এই ক্ষেত্ৰত তেওঁ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা মানস শীৰ্ষক বিশেষ কাৰ্যসূচীৰ উল্লেখ কৰে। মানসৰ হেল্পলাইন আৰু পোৰ্টেল অলপতে মুকলি কৰা হৈছে। লগতে টোল ফ্রি নম্বৰ ১৯৩৩ ও প্রকাশ কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে, পুনৰ সংস্থাপনৰ বিষয়ে কোনো উপদেশ বা তথ্য বিচাৰি যিকোনো লোকে এই টোল...

July 28, 2024 6:45 PM

views 21

দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

দেশৰ হস্ততাঁত উদ্যোগৰ সন্দৰ্ভত কবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত  আত্মসহায়ক গোটত যোগদান কৰা আৰু কাপোৰত ৰঙৰ বাহাৰ তোলা হাৰিয়ানাৰ ৰোহটক জিলাৰ ২৫০ গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে। এই মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰি ব্লক প্রিণ্টিং আৰু ডায়িঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁলোকে এতিয়া বিচনা চাদৰ, শাৰী, দোপাট্টা আদি তৈয়াৰ কৰি লাখ লাখ টকা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে । দেশত ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। প্ৰধা...

July 28, 2024 6:41 PM

views 24

এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়িব পাৰেঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে যে, এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে। এই প্ৰসংগত মেড ইন ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পত আলোকপাত কৰি তেওঁ ভাৰতৰ ৰাজহুৱা কলা অৰ্থাৎ পাৰি প্ৰকল্পৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, পাৰি প্ৰকল্প ৰাজহুৱা কলাক জনপ্ৰিয় কৰি তোলাৰ বাবে শিল্পীসকলক একেখন মঞ্চত সমবেত কৰাৰ ফলপ্ৰসূ মাধ্যম হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, পথৰ দাঁতি, দেৱাল আদিত পাৰিৰ সৈতে জড়িত শিল্পীসকলে চিত্র অঁকাত ব্...

July 28, 2024 6:37 PM

views 48

চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্রধানমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্রথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্রীমোদীয়ে কয় যে, চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী। আহোম ৰাজবংশই পৰম্পৰাগতভাৱে ...

July 28, 2024 6:33 PM

views 26

বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাক খাদী কাপোৰ কিনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কয় যে, পূর্বে খাদী কাপোৰ ব্যৱহাৰ নকৰা লোকেও এতিয়া অতি গৌৰৱেৰে খাদী কাপোৰ পৰিধান কৰিবলৈ লৈছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে, দেশৰ খাদী গ্ৰাম্য উদ্যোগৰ ব্যৱসায়ে ৪০০ শতাংশ বৃদ্ধিপ্রাপ্ত হৈ প্ৰথমবাৰৰ বাবে ডেৰ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। খাদী আৰু হস্ততাঁতৰ বৰ্ধিত বিক্ৰীয়ে এই ক্ষেত্ৰখনক নতুন কর্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাসকলক এতিয়াৰে পৰা খাদী কাপোৰ কিন...

July 27, 2024 9:01 PM

views 15

কাইলৈ আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰিব। প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব ১১২ সংখ্যক খণ্ড। আনহাতে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰী মোদীৰ এয়া হ'ব মন কী বাতৰ দ্বিতীয়টো খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপ যোগে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান পোনপটীয়াভাৱে এয়াৰ নিউজ, ডি ডি নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যা...