August 4, 2025 8:20 PM

views 27

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

July 23, 2025 9:23 PM

views 21

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ ৰে’লমন্ত্ৰী

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে সকলোবোৰ ৰে’ল ষ্টেচন আৰু যাত্ৰীবাহী ৰে'লত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰু অক্সিজেন চিলিণ্ডাৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ লগতে কয়, যে ৰোগীয়া যাত্ৰী তথা দুৰ্ঘটনাত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰে'লৱে, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেঞ্চস...

July 23, 2025 3:56 PM

views 20

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

■ বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কার্যক্রমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধবনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসু...

April 2, 2025 8:17 PM

views 26

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা অব্যহত

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা চলি আছে। ২০২৪ চনৰ ৮ আগষ্টত ৱাক্‌ফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা ১৩ ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱফ পৰ...

March 28, 2025 8:02 PM

views 21

লোকসভাত আজি সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত

ভাৰতীয় সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন আইন ১৯২৫ ৰ সলনি কৰি আজি লোকসভাত সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত হৈছে। বিধেয়কখনৰ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে কয় যে বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে পূৰ্বৰ আইনখনক সৰল কৰা। আইনখনৰ ধাৰণা সলনি নকৰাকৈ বুজিবলৈ সহজ কৰি তোলা৷ বিধেয়কখনৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বাহকৰ সৈতে জড়িত দায়িত্ব দায়বদ্ধতা, অধিকাৰ আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনে লগতে কেন্দ্ৰীয় চৰকা...

March 25, 2025 8:39 PM

views 13

লোকসভাত আজি বিত্ত বিধেয়ক ২০২৫ গৃহীত

লোকসভাত আজি বিত্ত বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহক ফলপ্রসু কৰি তুলিব বিচৰা হৈছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে কৰাতাসকলৰ সন্মানাৰ্থে আৰু ব্যৱসায় সূচল কৰি তোলাৰ উদ্দেশ্যে বিধেয়খনত অভূতপূৰ্ব কৰ ৰেহাই দিয়া হৈছে। তেওঁ কয় যে নতুন কৰ ব্যৱস্থাৰ অধীনত ১২ লাখ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ প্ৰযোজ্য নহয় সংসদৰ পৰৱৰ্তী বর্ষাকালীন অধিবেশনত নতুন আয়কৰ বিধেয়...

March 25, 2025 8:35 PM

views 15

লোকসভাত আজি বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে বইলাৰ অৰ্থাৎ বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে বইলাৰ যন্ত্ৰসমূহৰ নিয়ন্ত্ৰণ, বইলাৰ যন্ত্ৰৰ বিস্ফোৰণৰ পৰা ধন-জনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত সমগ্ৰ দেশত বইলাৰৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ পঞ্জীয়ন আৰু নিৰীক্ষণৰ বাবে একেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডকে ধৰি বইলাৰ যন্ত্ৰ ব্যৱহাৰ কৰা সকলো ক্ষেত্ৰ এই বিধেয়কখনৰ পৰা উপকৃত হ'ব। বিধেয়কখনত বইলাৰ যন্ত্ৰ ব্যৱহাৰ কৰা ব্যক্তিস...

March 18, 2025 1:03 PM

views 30

লোকসভাত ২০২৫-২৬ বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰ্যালয়ৰ নিয়ন্ত্ৰণত থকা অনুদানৰ দাবী সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত কালি ২০২৫-২৬ বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰ্যালয়ৰ নিয়ন্ত্ৰণত থকা অনুদানৰ দাবী সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ কংগ্ৰেছৰ সাংসদ বৰ্ষা গাইকোৱাডে ৰে'ল যাত্ৰীৰ সুবিধা আৰু ৰে'ল দুর্ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শেহতীয়াকৈ নতুন দিল্লী ৰে'লৱে ষ্টেচনত পদপিষ্ট হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা সন্দৰ্ভত প্রশ্ন তুলি শাসকীয় পক্ষক আক্ৰমণ কৰে। চৰকাৰে ভাৰতীয় ৰে'লক ব্যক্তিগতকৰণৰ প্ৰচেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ কৰে। আলোচনাত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ...

February 14, 2025 8:54 PM

views 9

চণ্ডীগড়ত অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চণ্ডীগড়ত আজি হাৰিয়ানা বিধানসভাৰ সদস্যসকলৰ বাবে সংসদীয় গণতান্ত্রিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি কৰে। হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, উপাধ্যক্ষ কৃষ্ণা সিদ্ধা, মুখ্যমন্ত্রী নাইব সিং ছাইনী, উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জ্ঞান চান্দ গুপ্তা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্টাও এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব ...

December 17, 2024 8:12 PM

views 21

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমলানি পৰিপূৰক দাবী মঞ্জুৰিত লোকসভাৰ অনুমোদন

লোকসভাই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমলানি পৰিপূৰক দাবী মঞ্জুৰিত অনুমোদন দিছে। চৰকাৰে ৮৭ হাজাৰ ৭৬২ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ বাবে সংসদৰ অনুমোদন বিচাৰিছিল। সদনে লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিনিয়োজন বিধেয়কতো অনুমোদন দিছে। এই সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ অন্যতম আৰু বিগত তিনি বছৰত দেশৰ মুঠ ঘৰুৱা উৎপাদন গড়ে ৮ দশমিক ৩ শতাংশ হোৱা দেখা গৈছে। অনাগত সময়তো দেশৰ অর্থ-ব্যৱস্থাৰ বিকাশৰ এই যাত্রা অব্য...