December 13, 2024 8:28 PM

views 28

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।

July 22, 2024 7:45 PM

views 31

আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কত লোকসভাত আলোচনা

লোকসভাই আজি আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰে। আলোচনাৰ আৰম্ভণি কৰি বিজেপিৰ ডº সঞ্জয় জয়ছোৱালে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এন ডি এ চৰকাৰৰ অধীনত বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০১৪ চনৰ এহেজাৰ ২১৯ কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ৩ হেজাৰ ৩৯৭ কোটি টকা হৈছে বুলিও শ্ৰীজয়ছোৱালে প্ৰকাশ কৰে। অহা ২৬ জুলাইৰ পৰা পেৰিছত হবলগীয়া অলিম্পিক ক্ৰীড়াৰ ১৬ টা শিতানত প্রতিদ্বন্দিতা আগবঢ়াবলগীয়া দেশৰ...

June 25, 2024 8:47 PM

views 27

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাক প্ৰক্ষেপ বিজেপিৰ

বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্রার্থী হিচাপে বাচনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যর্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে কয় যে কেন্দ্রীয...

June 4, 2024 8:29 PM

views 38

দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ৩৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ৬২ খন আসনত আগবাঢ়ি আছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰ লাখতকৈ অধইক ভোটত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক পৰাস্ত কৰে। আনহাতে, বিজেপিৰ জ্যেষ...

June 1, 2024 8:30 PM

views 32

১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এইবেলি দেশৰ মুঠ ৫৪৩টা সমষ্টিৰ ভিতৰত ৫৪২টাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। সপ্তম পৰ্যায়ত আজি পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰ...

June 1, 2024 3:11 PM

views 35

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত দিনৰ ১ বজা পর্যন্ত ৪০.০৯ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ দিনৰ ১ বজা পর্যন্ত ৪০.০৯ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। অন্তিম পৰ্যায়ত ১০ কোটি ৬০ লাখৰো অধিক ভোটদাতাই ৯০৮ গৰাকী প্ৰাৰ্থীৰ ৰাজন...

May 30, 2024 2:40 PM

views 42

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পর্যায়ত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত শাসক-বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জন...

May 28, 2024 8:06 PM

views 32

বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাবঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে, বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন দিল্লীত আজি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবিৰলাই নিজৰ ৫ বছৰীয়া কাৰ্যকালৰ কথা স্মৰণ কৰি কয় যে, এই বিধেয়কসমূহে দেশক আগুৱাই লৈ যাব আৰু ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। তেওঁ কয় যে, সপ্তদশ লোকসভাৰ সময়ছোৱাত হোৱা আলোচনা আৰু বিতৰ্কই ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনা হিচাপে কাম কৰিব । লোকসভাৰ অধ্য...