December 10, 2025 11:53 AM

views 14

লোকসভাত নির্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা

লোকসভাত কালি নির্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা কৰা হয়। আলোচনাত ভাগ লৈ আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰে যে, কংগ্ৰেছৰ শাসন কালতো ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী কেইবাবাৰো সম্পন্ন হৈছিল যদিও এতিয়া দলটোৱে একেটা বিষয়ত প্রশ্ন উত্থাপন কৰাটো আশ্চর্যজনক। ভাৰতৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি তেওঁ কয়, যে স্বাধীনোত্তৰ কালৰে পৰা সকলোৱে ভোটদানৰ ক্ষেত্ৰত সম অধিকাৰ লাভ কৰি আহিছে। নৰেন্দ্ৰ মোদী চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰি লোকসভা, বিধানসভা তথা বিধানসভাৰো মুঠ আসনৰ এক তৃ...

December 9, 2025 8:04 PM

views 13

লোকসভাত নির্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত নির্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ মনিষ তিৱাৰীয়ে কয়, যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কাৰণ দাখিল কৰা উচিত। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ প্রক্রিয়া চলি আছে যদিও নির্বাচন আয়োগৰ পুংখানুপুংখ সংশোধন চলোৱাৰ আইনী অধিকাৰ নাই। তেওঁ লগতে আটাইবোৰ ভিভি পেট মেচিনৰ গণনা কৰিব লাগে নতুবা পুৰণি বেলট ব্যৱস্থালৈ ঘুৰি যাব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। নিৰ্বাচন আয়োগক বাচনি কৰাৰ বাবে গঠন কৰা কমিটিত ৰ...

December 5, 2025 8:06 PM

views 13

লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত

লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কৰ লক্ষ্য হৈছে- পাণ মচলা আৰু ধপাতৰ পৰা উৎপাদিত সামগ্ৰীৰ ওপৰত আৰোপ কৰা উপকৰৰ পৰা আহৰণ কৰা ধন জনস্বাস্থ্য আৰু ৰাষ্টীয় নিৰাপত্তাৰ বাবে ব্যয় কৰা। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে এই বিধেয়ক সন্দৰ্ভত কয়, যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্ৰীৰ ব্যৱহাৰ চৰকাৰে হ্ৰাস কৰিব বিচাৰে। জনস্বাস্থ্য ৰাজ্যিক বিষয় হোৱাৰ বিপৰীতে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা কেন্দ্ৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। শ্রীমতী সীতাৰমণে লগতে কয়, যে ...

December 4, 2025 8:44 PM

views 20

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

December 3, 2025 4:01 PM

views 16

দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী

কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২...

December 3, 2025 11:12 AM

views 20

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম পৰ্যায় আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব

December 1, 2025 9:25 PM

views 14

প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন

জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন দিয়া হৈছে। লোকসভাত আজি পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱাটে এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিয়ে জনজাতীয় অঞ্চলত ব্যৱসায়িক আৱাস বিকশিত কৰি পৰ্যটনক প্ৰভাৱিত কৰাৰ লগতে জনজাতীয় লোকসকলৰ জীৱিকাৰ পথো মুকলি কৰিব। এই আঁচনিয়ে গাঁৱৰ উন্নয়নৰ বাবে ৫ লাখ টকা, প্ৰতিটো পৰিয়ালৰ বাবে নতুন কোঠা নিৰ্মাণৰ বাবে ৫ ...

November 10, 2025 6:18 PM

views 21

কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয়, যে এই অঞ্চলটোৱে সক্ৰিয় গণতান্ত্রিক ব্যৱস্থা তথা যোগাযোগ আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁ...

August 21, 2025 5:01 PM

views 13

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্...

August 18, 2025 4:23 PM

views 21

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...