May 31, 2024 8:40 PM

views 38

৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

File Photo Akashvani GHY ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধা...

May 31, 2024 6:06 PM

views 35

কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ

অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ ৩ খন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হ'ব। কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। ইয়াৰ ভিতৰত আছে -প্রধা...

May 30, 2024 2:40 PM

views 47

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পর্যায়ত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত শাসক-বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জন...

May 30, 2024 2:25 PM

views 40

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীৰ্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো পুৱা ৯.১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRN...

May 30, 2024 1:54 PM

views 35

৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে।

May 30, 2024 1:49 PM

views 43

মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত ৮৬ গৰাকী বিষয়া-কৰ্মচাৰীক কালি ভোট গণনাৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে...

May 30, 2024 1:21 PM

views 36

সপ্তম পৰ্যায়ৰ লোকসভা নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰ, ৰবাৰ্টছগঞ্জ আৰু চান্দৌলী লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰ চলাব। একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু ছোনভদ্ৰা সমষ্টিত ৰোড শ...

May 28, 2024 7:24 PM

views 35

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নির্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল ...

May 25, 2024 8:36 PM

views 37

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রধান মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বাক্সাৰ সংসদীয় সমষ্টিৰ অহিৰৌলীত এখন নির্বাচনী সভাত ভাষণ দি লোকসভা নিৰ্বাচনত আই এন ডি আই মিত্ৰজোঁট...

May 25, 2024 6:14 PM

views 33

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত ৭০ শতাংশ, ঝাৰখণ্ডত ৫৪ শতাংশ, উত্তৰ প্ৰদেশত ৪৪ শতাংশ, হাৰিয়ানাত ৪৬ শতাংশ, বিহাৰত ৪৫ শতাংশ, জম্মু কাশ্মীৰত ...