April 29, 2024 6:40 PM

views 9

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে নির্বাচন আয়োগৰ অধিসূচনা জাৰি

নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পর্যায়ত প্রার্থীসকলে অহা ৬ মে’লৈ মনোনয়ন দাখিল কৰিব পাৰিব। ৭ মে'ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ ৯ তাৰিখলৈ মনোনয়ন প্রত্যাহাৰ ...

April 29, 2024 6:14 PM

views 12

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে ৭ মে’ত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে অহা ৭ মে’ত ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অর্হতা আছে। আনহাতে ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ৰ ভিতৰৰ। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত দেশৰ ১০২টা সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৮৮টা সমষ্টিত ভোটগ্র...

April 28, 2024 12:32 PM

views 19

কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ পৰা জানিব পৰা মতে গান্ধী পৰিয়ালে আমেথি আৰু ৰায়বৰেলি আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব লাগে বুলি উত্তৰ প্ৰদেশ কংগ্ৰেছে দলৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ ওচৰত প্ৰস্তাৱ দিছে আৰু এই প্ৰস্তাৱ সন্দৰ্ভত সভ...

April 28, 2024 12:18 PM

views 28

অনাগত সময়ত চৰকাৰে ৩ কোটি পকী গৃহ নিৰ্মাণৰ লগতে সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগানৰ ব্যৱস্থাঃ  বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে গোৱাক এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনন্য উদাহৰণ বুলি অভিহিত কৰিছে। গোৱাৰ ভাস্কোত কালি বিয়লি নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, অনাগত সময়ত চৰকাৰে ৩ কোটি পকী গৃহ নিৰ্মাণ কৰিব আৰু সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগানৰ ব্যৱস্থা কৰিব। কংগ্ৰেছে মাছমৰীয়া সকলক অৱহেলা কৰা বুলিও অভিযোগ তুলি শ্রীমোদীয়ে কয় যে, এন ডি এ চৰকাৰে মাছমৰীয়াসকলৰ বাবে সুকীয়া মন্ত্ৰ্যালয় গঠন কৰিছে। গোৱাৰ দুখন লোকসভা আসনৰ বাবে ৭ মে'ত ভোটগ্রহণ ...

April 26, 2024 9:02 PM

views 27

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰীৰ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মুংগেৰ আৰু আৰাৰিয়াত দুখন নির্বাচনী সভাত সম্বোধন কৰে। শ্রীমোদীয়ে কয় যে, তোষামোদ আই এন ডি আইৰ মিত্ৰজোঁটত শাসনৰ আৰ্হি হোৱাৰ বিপৰীতে সন্তুষ্টি বিজেপিৰ শাসনৰ আৰ্হি । তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে মহিলাসকলক শৌচালয়, গেছ, বিদ্যুৎ সং...

April 26, 2024 8:56 PM

views 14

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত বিয়লি ৫ বজাপর্যন্ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে আজি সুকলমে ভোটগ্রহণ অনুষ্ঠিত হয়। আজি বিয়লি ৫ বজাপর্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদানৰ তথ্য পোৱা গৈছে। ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৭৭ শতাংশৰো অধিক, মণিপুৰত ৭৬ শতাংশৰো অধিক আৰু পশ্চিমবংগত ৭১ দশমিক ৮৪ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। আনহাতে, উত্তৰ প্ৰদেশত সর্বনিম্ন ৫২ দশমিক ৭৪ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আনহাতে, অসমত শেহতীয়া তথ্য অনুসৰি ৭...

April 26, 2024 7:01 PM

views 26

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনৰ বাবে হৈছে ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনক সামৰি লোৱা হৈছে। আজি ভোটগ্রহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ ৫টাকৈ, কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৬টা, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জন্মু-কাশ্মীৰৰ এটাকৈ সমষ্টি আছে। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত...

April 24, 2024 8:53 PM

views 19

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দল-নেতাৰ প্ৰচাৰৰ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৯টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভাত ভাগ লয়। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰৰ বাৰটুমাত এখন নির্বাচনী সভাক সম্বোধন কৰি কয...

April 23, 2024 12:30 PM

views 21

মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১২৭ গৰাকীৰ প্রার্থিত্ব, আজি কেইবাখনো জনসভাত অংশ ল’ব জে পি নাড্ডাই

মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ১২৭ গৰাকী প্ৰাৰ্থীয়ে প্রার্থিত্ব আগবঢ়াইছে। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই আজি মধ্যপ্ৰদেশৰ টিকমগড়, ৰেৱা আৰু চাতনা জিলা ভ্ৰমণ কৰিব। শ্রী নাড্ডাই কেইবাখনো জনসভাত অংশগ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাত ভাগ ল'ব। ইফালে, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জিতু পাটোৱাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অ...

April 23, 2024 12:13 PM

views 20

দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্যৰ ৮৮টা সমষ্টিত হ’ব ভোটগ্ৰহণ; ১,১৯৮গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

দেশৰ ১২ খন ৰাজ্যৰ ৮৮টা সমষ্টিত ২৬ এপ্রিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত সামগ্ৰিকভাৱে এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামী, কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ বিদায়ী অধ্যক্ষ ওম বিৰলা, ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল, অভিনেত্ৰী ৰাজনীতিক হেমা মালিনী, কেন্...