May 3, 2024 12:04 PM

views 32

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।

May 3, 2024 11:27 AM

views 32

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 3, 2024 11:25 AM

views 29

ৰাজ্যত তৃতীয় পৰ্যায়ত ৭ মে’ত হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব

◊ ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মেত হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯ হাজাৰ ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধইকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। Read More : লোকসভা নিৰ্বাচনৰ ...

May 3, 2024 11:13 AM

views 28

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।

May 2, 2024 6:25 PM

views 15

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ ৩ দিন বাকী, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পর্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প...

May 2, 2024 6:21 PM

views 38

তেলেংগানাত প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

তেলেংগানাত সকলো প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া হায়দৰাবাদ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী মাধৱীলতাৰ হৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। বিগত কেইবাবছৰো ধৰি হায়দৰাবাদ আসনখনৰ পৰা ৰাজাকাৰসকলৰ উত্তৰাধিকাৰীয়ে সংসদক প্ৰতিনিধিত্ব কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক এইবাৰ বিজেপি প্রার্থীগৰাকীক সংসদলৈ নিৰ্বাচিত কৰিবলৈ আহ্বান জনায়। ইপিনে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ তথা মুখ্যমন্...

May 2, 2024 12:26 PM

views 24

তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সং...

May 2, 2024 11:08 AM

views 31

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্রীগোৱেলে তদাৰকী বিভাগক নির্বাচনী বিধি উলংঘাৰ যিকোনো অভ...

May 2, 2024 10:59 AM

views 32

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণক লৈ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। এই পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লায়িং স্কোৱাৰ্ড আৰু নিৰীক্ষণকাৰী দলসমূহে নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। Read Now : ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ...

May 2, 2024 10:51 AM

views 46

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে আজি ডা০ ৰণোজ পেগুৱে গুৱাহাটীৰ ভঙাগড়ত বিজয় সংকল্প সমাবেশত অংশ ল'ব। ইপিনে কালি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্...