May 3, 2024 12:04 PM

views 22

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।

May 3, 2024 11:27 AM

views 24

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 3, 2024 11:16 AM

views 16

৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেল...

May 2, 2024 12:26 PM

তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সং...

May 1, 2024 12:04 PM

views 22

লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ প্রথম পর্যায়ত ৬৬.১৪ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কালি লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। আয়োগে প্রথম পর্যায়ত ৬৬.১৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭-১ শতাংশ ভোটদান হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে প্রথম পৰ্যায়ত ৬৬.২-২ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৭ শতাংশ মহিলা ভোটদাতা আৰু ৩১.৩২ শতাংশ তৃতীয় লিংগৰ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। একেদৰে দ্বিতীয় পৰ্যায়ত ৬৬.৯৯ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৪২ শতাংশ মহিলা ভোটদাতা আৰু ২৩.৮৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি...

April 27, 2024 7:25 PM

views 17

দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ প্ৰচাৰ অব্যাহত

তৃতীয় পৰ্যায়ত অহা ৭ মে'ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখন জনসভাত ভাষণ দিব। ৰাজ্যখনত আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰায়ো নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীমতী ৱাদাই লাটুৰত দলীয় প্রার্থী ড° শিৱাজী কালগেৰ হৈ এখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। ইপিন...

April 26, 2024 7:00 PM

views 20

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ আজি পৰীক্ষণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব৷ এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত ভোটগ্রহণ কৰা হ'ব। ইফালে, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ৩ মে’ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে...

April 23, 2024 8:17 PM

views 21

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৯ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলে তোষামোদ আৰু ভোটবেংকৰ ৰাজনীতি কৰা বুলি অভি...

April 23, 2024 6:14 PM

views 33

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ২৫ এপ্ৰিল

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰে অন্ত পৰিব। শুকুৰবাৰে মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। চতুর্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ, তেলেংগানা আৰু জম্মু-কাশ্মীৰৰ ৯৬টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত ভোটগ্রহণ কৰা হ'ব।

April 23, 2024 12:58 PM

views 16

মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রী ধত্ৰে বৰ্তমানৰ সাংসদ সঞ্জয় ধত্ৰেৰ পুত্ৰ। ইফালে কংগ্ৰেছে ড০ অভয় পাটিলক এক’লাৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰোৱাৰ বিপৰীতে ‘বঞ্চিত বহুজন আঘোড়ী’ৰ নেতৃত্ব বহন কৰা প্ৰকাশ আম্বেদকাৰেও এই আসনখনৰ বাবে প্রার্থিত আগবঢ়াইছে। এক'লাৰ পৰা মুঠ ১৭ গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। চলিত মাহৰ ২৬ তাৰিখে এই আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ক...