April 10, 2024 11:07 AM

views 53

লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ ৪০ লাখ মহিলাই শপত ল’ব

অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪০ লাখ মহিলাই শপত ল'ব। আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই কথা প্রকাশ কৰে। তেওঁলোকে কয় যে, মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে, ৰাজ্যখনত বৰ্তমানলৈকে ১২৭ কোটি টকাৰ সুৰা আৰু অন্যান্য সামগ্রী জব্দ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে, অনাধিকৃত সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা বাবে ৰাজ্যখনত ফ্লায়িং স্কোৱাদ আৰু নিৰীক্ষণ দল নিয়োগ কৰা হৈছে। তেওঁলোকে লগতে কয...

April 9, 2024 12:28 PM

views 26

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ১৫গৰাকী প্ৰাৰ্থী কোটিপতি

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ'বলগীয়া ৫টা সমষ্টিৰ ৩৫গৰাকী প্ৰাৰ্থী ভিতৰত ১৫গৰাকী কোটিপতি বুলি এখন প্রতিবেদনত প্ৰকাশ হৈছে। প্ৰাৰ্থীসকলে শপতনামাত দিয়া তথ্যৰ ভিত্তিতে এটা সংস্থাই এই প্রতিবেদনখন প্রস্তুত কৰিছে। সংস্থাটোৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া সমগ্ৰ দেশৰ এহেজাৰ ৬১৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামা পর্যালোচনা কৰিছিল। প্ৰথম পৰ্যায়ত ৰাজ্যৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত এই সমষ্টিকেইটাত প্...

April 9, 2024 11:59 AM

views 30

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১,৬২৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে। নির্বাচন আয়োগে জনোৱা অনুসৰি মুঠ ১০২টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত এইসকল প্রার্থী নির্বাচনী যুজঁত অৱতীৰ্ণ হ'ব। ইয়াৰে এহেজাৰ ৪৯১ গৰাকী পুৰুষ আৰু ১৩৪ গৰাকী মহিলা প্রার্থী।

April 7, 2024 8:59 PM

views 28

মণিপুৰত দুখন আসনৰ বাবে দুটা পৰ্যায়ত লোকসভা নির্বাচন

মণিপুৰত দুখন আসনৰ বাবে লোকসভা নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে মণিপুৰ ইনাৰ সংসদীয় সমষ্টিৰ আসনৰ বাবে হ'বলগীয়া নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৭৯ হাজাৰ ৮৮৭ জন আৰু ইয়াৰে মহিলা ভোটদাতাৰ সংখ্যা ৫ লাখ ১৬ হাজাৰ ১৫০ গৰাকী । তিনিগৰাকী নিৰ্দলীয় প্রার্থীকে ধৰি ৬ গৰাকী প্ৰাৰ্থীয়ে এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

April 7, 2024 8:41 PM

views 30

তামিল ভাষা অতি প্রাচীন ভাষা, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছেঃ জে পি নাড্ডা

বিজেপিৰ সভাপতি জে পি নাড্ডাই তামিল ভাষাক অতি প্রাচীন ভাষা বুলি উল্লেখ কৰি কয় যে, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছে। তামিলনাডুৰ ছিদাম্বমত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি তেওঁ কয় যে, কংগ্ৰেছ আৰু ডি এম কে মিত্ৰজোঁটে তামিলনাডুৰ সাংস্কৃতিক ঐতিহ্য দুর্বল কৰি ৰাজ্যখনৰ জনসাধাৰণক প্ৰতাৰণা কৰি আহিছে। তেওঁ লগতে কয় যে, প্ৰাধীনমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নীতি সমূহৰ বাবে কোভিড-১৯ মহামাৰীৰ পাছতো ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ পঞ্চম স্থান দখল কৰিবলৈ স...

April 7, 2024 6:53 PM

views 31

আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাই আৰু সেয়েহে মিত্ৰজোঁটটোৰ অভ্যন্তৰীণ মতভেদ ৰাজহুৱা হৈছে। বিহাৰৰ নৱাডাৰ কুন্তীনগৰৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, বিৰোধী মিত্ৰজোঁটৰ নেতাসকল তেওঁৰ প্রতিশ্রুতিকলৈ ভীতিগ্ৰস্ত হৈছে, কিয়নো তেওঁলোকে দুৰ্নীতিৰ সমৰ্থন কৰে। শ্ৰীমোদীয়ে এইবুলি অভিযোগ তোলে যে, কংগ্ৰেছ, আৰ জে ডি আৰু অন্য দলসমূহে দেশখনক বিভাজ...

April 7, 2024 12:55 PM

views 23

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১৯, ২৬ এপ্ৰিল আৰু ৭ মে'ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগ আদিকে ধৰি ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান অহা ১৯ এপ্রিলত বন্ধ থাকিব। ...

April 7, 2024 12:50 PM

views 41

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ডিব্ৰুগড় সমষ্টিৰ দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্রী, বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ লগতে ভালেসংখ্যক নেতাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে। ইপিনে, যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। সৰ্বানন্দ সোনোৱালে আজি নিজ সমষ্ট...

April 7, 2024 12:36 PM

views 37

কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা নিশা কেৰালাৰ ক'জিকোড লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম টি ৰমেশৰ সমৰ্থনত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। ৰোড শ্ব'ৰ অন্তত তেওঁ দলীয় কর্মীসকলক সম্বোধন কৰে। কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি অভিহিত কৰি তেওঁ দুয়োটা দলেই দুৰ্নীতিৰ প্ৰতি আগ্ৰহী বুলি মন্তব্য কৰে। ৰাজ্যখনত দুর্নীতি চলি থকা বুলি অভিযোগ তুলি তেওঁ কয় যে, দুয়োটা মিত্রজোঁটে স্থানীয়ভাৱে এটাই আনটোৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'লেও ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ মিত্ৰতাই ভণ...

April 7, 2024 12:22 PM

views 44

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে চি পি আইৰ দলীয় ইস্তাহাৰ প্ৰকাশ

চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাই কালি নতুন দিল্লীত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত পুৰণি পেঞ্চন ব্যৱস্থা সম্পূৰ্ণৰূপে বাহাল আৰু ব্যক্তিগত খণ্ডত সংৰক্ষণ ব্যৱস্থা বলৱৎ কৰাৰ তথা সাৰ্বজনীন খণ্ডক সম সুযোগৰ ভিত্তিত আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । দলে লগতে সকলোকে সুলভ স্বাস্থ্য আৰু শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবে খণ্ড দুটাৰ বাবে অধিক পুঁজি দাবী কৰিব আৰু পৰিসীমন তথা লোকপিয়ল সম্পৰ্কীয় ব্যৱস্থা আঁতৰাই ততালিকে মহিলাৰ সংৰক্ষণ ৰূপায়ণৰ হকে কাম কৰিব বুলি ইস্তাহাৰত ...