December 17, 2024 8:24 PM

views 34

লখিমপুৰত অহা ১৯ পৰা ২৪ ডিচেম্বৰলৈ সু-শাসন সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণ

স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক শাসনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা সু-শাসন সপ্তাহৰ অংশ হিচাপে লখিমপুৰত অহা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সু-শাসন সপ্তাহৰ জৰিয়তে ৰাজহুৱা অভিযোগসমূহৰ সমাধান কৰিবলৈ জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ দিয়া হৈছে। জিলাখনত অহা ২৩ ডিচেম্বৰত বিভিন্ন বিভা...

December 13, 2024 7:44 PM

views 14

অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই-ৰিক্সা বিতৰণ

অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা আজি লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই ৰিক্সা বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সংখ্যালঘু উন্নয়ন বোর্ডৰ ই ৰিক্সা বিতৰণ অনুষ্ঠান মুকলি কৰি লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই বৰ্তমান চৰকাৰে সংখ্যালঘু নিবনুৱা যুৱক- যুৱতীৰ স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰি ই ৰিক্সাৰ দ্বাৰা নিবনুৱা যুৱকসকল আত্মনিৰ্ভৰশীল হব বুলি আশা প্রকাশ কৰে। এই উপলক্ষে মহকুমা কল্যাণ বিষয়াৰ সহযোগত উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত ই ...

November 29, 2024 8:27 PM

views 27

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ২ দিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দুদিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হয়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্রাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত বিষয়া কৰ্মচাৰীসকলে বিভাগ অনুসৰি নিজৰ নিজৰ দায়িত্ব কিদৰে তাৎক্ষণিকভাৱে পালন কৰিব লাগে সেই সন্দৰ্ভত প্রয়োজনীয় প্রশিক্ষণ দিয়া হয়। প্রশিক্ষণ কাৰ্যসূচীৰ আজি অন্তিম দিন...

October 21, 2024 12:18 PM

views 16

অহা ৩০ অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰৱণ যন্ত্ৰ বিতৰণ

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অহা ৩০ অক্টোবৰত শ্ৰৱণেন্দ্ৰিয় বাধাগ্ৰস্ত লোকৰ বাবে শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হ'ব। এই উদ্দেশ্যে সংশ্লিষ্ট লোকসকলক চিকিৎসালয়খনত কাণৰ পৰীক্ষা কৰাই প্রতিবেদন জমা দিবলৈ বিভাগীয় কর্তৃপক্ষই আহ্বান জনাইছে। উল্লেখযোগ্য যে কাণেৰে নুশুনা লোকে বিপিএলকার্ড, আধাৰ কাৰ্ড, দুকপি ফটো, ৰাষ্ট্ৰীয় শিশু কার্যক্রম কার্ড জমা দিব লাগিব বুলি কৰ্তৃপক্ষৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে।

October 2, 2024 8:20 PM

views 9

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰ জিলা দিৱস উদযাপন

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি লখিমপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে একাধিকবাৰ মানচিত্ৰ সলনি হোৱা লখিমপুৰ জিলাখন ১৯৭১ চনৰ ২ অক্টোবৰত পুনৰ গঠন কৰা হৈছিল। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাকে ধৰি জিলাৰ আয়ুক্ত তথা জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

August 20, 2024 6:57 PM

views 24

লখিমপুৰত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলৰ কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ

লখিমপুৰ জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াৰ নেতৃত্বত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলে আজি জিলাখনত চলি থকা কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁলোকে আঁচনিসমূহৰ ৰূপায়ণৰ বুজ ল'বলৈ বগী নদী কৃষি চক্ৰ আৰু ছাবতি কৃষি চক্ৰৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁলোকে সামূহিক কঠিয়াতলী আঁচনিৰ অধীনত বানবিধবস্ত অঞ্চলত কৃষকক প্ৰদান কৰা ধানৰ সঁচ পৰীক্ষা কৰে। তেওঁলোকে লগতে বগী নদী বকুলবাৰী গাঁৱত ৰাষ্ট্ৰীয় খোৱাতেল অভিযানৰ অধীনত ৰোপণ কৰা তৈল খেজুৰৰ পুলিসমূহ পৰিদৰ্শন কৰে।