November 2, 2025 12:15 PM

views 47

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্রন্থমেলা অনুষ্ঠিত

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰে পৰা অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্রীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন কালি উদ্বোধন কৰা হয়। বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত শিক্ষা মন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্রন্থমেলাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়তে জ্ঞান আ...

September 9, 2025 3:20 PM

views 28

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত লখিমপুৰত আইনী সেৱা কেন্দ্ৰ মুকলি

লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত কালি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ছেচন ন্যায়াধীশ পলি কটকীয়ে এই কেন্দ্ৰটো মুকলি কৰি ইয়াৰ ফলত প্রাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে।

July 12, 2025 7:04 PM

views 38

ড° ৰাতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰৰ সামৰণি

লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ড° ৰাতুল বৰাৰ নেতৃত্বত ৬৩৩ নম্বৰ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰৰ আজি সামৰণি পৰে। যোৱা ৬ জুলাইত এই শিবিৰ মুকলি কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ সামাজিক দায়বদ্ধতা, সামাজিক শৃংখলা আৰু সমাজ সেৱাৰ মনোভাৱেৰে গঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ছাত্ৰ-ছাত্ৰীৰ মাজত কেইবাটাও দিশত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে এখন...

July 3, 2025 7:17 PM

views 38

লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান

লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে। দেবেৰা দলনি, খ্ৰীষ্টান গাঁও আৰু ফুকনৰ হাট নামৰ গাঁও তিনিখনত অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬-ৰ পত্ৰণ বিধিৰ অধীনত উচ্ছেদ চলোৱা হৈছে। অঞ্চলকেইটাত অবৈধভাৱে বসবাস কৰা ২১৭ টা পৰিয়াললৈ প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছিল যদিও দখলকাৰীসকলে প্ৰশাসনৰ জাননীৰ প্ৰতি সঁহাৰি নজনায়। ১২ খন এছকেভেটৰৰ সহায়ত চলোৱা উচ্ছেদ অভিযানত ৬০০ গৰাকী আৰক্ষী জোৱান আৰু অৰ্ধ সামৰিক বাহিনীয়ে অংশগ্ৰহণ কৰিছে।

June 24, 2025 1:05 PM

views 28

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।

May 20, 2025 1:04 PM

views 31

লখিমপুৰত আজিৰে পৰা ৩০ আগষ্টলৈ সেনা বাহিনীৰ সশস্ত্র অনুশীলন

লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ সংমণ্ডলত আজিৰে পৰা ৩০ আগষ্টলৈ সেনা বাহিনীৰ সশস্ত্র অনুশীলন কৰা হ'ব। এই সময়ছোৱাত সেনা বাহিনীয়ে বোমা বিস্ফোৰণ, গুলীচালনা আদিৰ অনুশীলন কৰিব। লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে এটা নির্দেশযোগে এই সময়ছোৱাত দুলুংমুখ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰাৰ উদ্দেশ্যে এই ক্ষেত্ৰত সজাগ কৰিবলৈ প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।

May 6, 2025 8:54 AM

views 28

ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৯ মে’ৰ পৰা ৩ দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন

■ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত অহা ৯ মে'ৰ পৰা তিনি দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। ৯ মে'ৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হঘূলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয়া দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বি...

March 12, 2025 1:21 PM

views 32

লখিমপুৰ কৰ্কট কেন্দ্ৰৰ সামূহিক জন সম্পৰ্কৰক্ষী দলৰ ত্রয়োদশ অসম আৰক্ষী বাহিনীত কৰ্কট ৰোগৰ সজাগতা শিবিৰ

লখিমপুৰ কৰ্কট কেন্দ্ৰৰ সামূহিক জন সম্পৰ্কৰক্ষী দলে কালি ত্রয়োদশ অসম আৰক্ষী বাহিনীত এটা কৰ্কট ৰোগৰ সজাগতা আৰু নিৰীক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিনাক্ত হোৱা ৰোগীৰ সঠিক চিকিৎসা নিশ্চিত কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডাঃ গোপাল কুমাৰ পুৰকায়স্থৰ নেতৃত্বত আয়োজিত কাৰ্যসূচীত চিকিৎসকগৰাকীয়ে এই ৰোগৰ আগতীয়া চিনাক্তকৰণ কেনেদৰে কৰিব পাৰি, সেই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তদুপৰি আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত নিয়মীয়াকৈ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাটো কিমান জৰুৰী সেই ...

February 21, 2025 6:57 PM

views 41

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰাৰ পাছত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত চিকিৎসা মহাবিদ্যালয়খনৰ ভালেমান কৰ্মচাৰীয়ে ৰক্তদান কৰে।  

January 24, 2025 2:08 PM

views 28

প্রশান্ত কুমাৰ মোদকক অসম সাহিত্য সভাৰ জিলা প্রতিনিধি হিচাপে নির্বাচিত

লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্রিকা সম্পাদক প্রশান্ত কুমাৰ মোদকক অসম সাহিত্য সভাৰ জিলা প্রতিনিধি হিচাপে নির্বাচিত কৰা হৈছে। লখিমপুৰ জিলা সাহিত্য সভাৰ দ্বাবিংশতিতম দ্বিবার্ষিক অধিৱেশনত কালি সর্বসম্মতিক্রমে বিশিষ্ট সংবাদকর্মীগৰাকীক নির্বাচিত কৰা হয়।