June 11, 2025 11:51 AM

views 16

লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ লগতে খহনীয়া নিয়ন্ত্ৰণৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি লখিমপুৰ জিলা প্ৰশাসন, জল সম্পদ বিভাগ আৰু এন এইচ পি চিৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান পৰিস্থিতিৰ লগতে বান আৰু খহনীয়া নিয়ন্ত্ৰণ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জনাইছে যে সোৱণশিৰি নদীৰ ভাটিখণ্ডত ভীমপৰা, ঘূণাসুঁতি আৰু পূব তেলাহী পঞ্চায়তত ৰাজ্য চৰকাৰৰ অধীনত ৫৬ কোটি টকা আৰু এন এইচ পি চিৰ অধীনত ২০৯ কোটি টকা অনুমোদন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে অহা ২০২৬ ব...