ডাউনলোড
মোবাইল এপ

android apple
signal

লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ লগতে খহনীয়া নিয়ন্ত্ৰণৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি লখিমপুৰ জিলা প্ৰশাসন, জল সম্পদ বিভাগ আৰু এন এইচ পি চিৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান পৰিস্থিতিৰ লগতে বান আৰু খহনীয়া নিয়ন্ত্ৰণ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জনাইছে যে সোৱণশিৰি নদীৰ ভাটিখণ্ডত ভীমপৰা, ঘূণাসুঁতি আৰু পূব তেলাহী পঞ্চায়তত ৰাজ্য চৰকাৰৰ অধীনত ৫৬ কোটি টকা আৰু এন এইচ পি চিৰ অধীনত ২০৯ কোটি টকা অনুমোদন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে অহা ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰীৰ ভিতৰত কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে ধেমাজি জিলাত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত ৬২৩ গৰাকী দিব্যাংগ হিতাধিকাৰীৰ মাজত ৩ হাজাৰ ৫৩৩ বিধ সা-সঁজুলি বিতৰণ কৰে। ভাৰতীয় কৃত্রিম অংগ উৎপাদন নিগমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত সামাজিক অধিকাৰিতা শিবিৰত অংশগ্ৰহণ কৰি ডাঃ পেগুৱে কয়, যে নিজৰ অক্ষমতাৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ পৰিৱৰ্তে সক্ষম দিশসমূহত মনোনিৱেশ কৰিলে সফলতা লাভ কৰিব পাৰি৷

অধিক পঢ়ক

সকলো চাওক