May 6, 2025 7:56 PM

views 18

মীন খণ্ডৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত লক্ষ্মণ প্রসাদ আচাৰ্যৰ অংশগ্ৰহণ

গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত মীন খণ্ডৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজভৱনৰ উদ্যোগত আৰু অসম চৰকাৰৰ মীন বিভাগৰ সহযোগত আয়োজিত এই সন্মিলনত দিয়া ভাষণত ৰাজ্যপাল শ্রীআচাৰ্যই অসমৰ মীন খণ্ডৰ সম্ভাৱনা আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত এই অভিৱৰ্তনৰ প্ৰাসংগিকতাৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে এই অভিৱৰ্তনৰ বিভিন্ন কাৰ্যসূচীসমূহে ৰাজ্যখনৰ মীন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ পথ প্রশস্ত কৰিব...