গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত মীন খণ্ডৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজভৱনৰ উদ্যোগত আৰু অসম চৰকাৰৰ মীন বিভাগৰ সহযোগত আয়োজিত এই সন্মিলনত দিয়া ভাষণত ৰাজ্যপাল শ্রীআচাৰ্যই অসমৰ মীন খণ্ডৰ সম্ভাৱনা আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত এই অভিৱৰ্তনৰ প্ৰাসংগিকতাৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে এই অভিৱৰ্তনৰ বিভিন্ন কাৰ্যসূচীসমূহে ৰাজ্যখনৰ মীন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ পথ প্রশস্ত কৰিব। তদুপৰি এই কাৰ্যসূচীসমূহত বিশেষজ্ঞসকলে প্ৰদান কৰা পৰামৰ্শৱলী অসমক মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলি ৰাজ্যখনক আগশাৰীৰ মৎস্য উৎপাদনকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিব বুলিও ৰাজ্যপালগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ কয়, যে সম্প্ৰতি মৎস্য উৎপাদন পৰম্পৰাগত বৃত্তিৰ পৰিৱৰ্তে বিজ্ঞানসন্মত আৰু ঔদ্যোগিক কাৰ্য হিচাপে পৰিগণিত হৈছে। তেওঁ এই অনুষ্ঠানত অংশ লোৱা মীন বিশেষজ্ঞসকলক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, যে তেওঁলোকৰ পৰামৰ্শই কেৱল অসমৰ মীন পালকসকলক উপকৃত কৰাই নহয় দেশৰ মৎস্য খণ্ডৰ সৰ্বাত্মক বিকাশতো অৰিহণা যোগাব। এই অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মীন বিজ্ঞান শাখাৰ উপ-সঞ্চালকপ্ৰধান জ০ জয়কৃষ্ণ জেনাৰ উপৰি চি আই এফ আৰ আই, চি আই এফ এ, নাবার্ডকে ধৰি প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
Site Admin | May 6, 2025 7:56 PM | lakhaman prasahd
মীন খণ্ডৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত লক্ষ্মণ প্রসাদ আচাৰ্যৰ অংশগ্ৰহণ
