September 28, 2024 6:23 PM September 28, 2024 6:23 PM

views 13

কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে। এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়...

September 25, 2024 8:09 PM September 25, 2024 8:09 PM

views 10

বাক্য সংশোধনী বিধেয়কখনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বাক্য সংশোধনী বিধেয়কখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ আসন্ন শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত এতিয়ালৈকে এক কোটিৰো অধিক দিহা পৰামৰ্শ লাভ কৰা বুলিও প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে লাভ কৰা সাফল্য সম্পৰ্কে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে, বিধেয়কখন সন্দৰ...

September 1, 2024 1:40 PM September 1, 2024 1:40 PM

views 18

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ প্রতিনিধি দলৰ সাক্ষাৎ

মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ এটা প্রতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰে আৰু ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমর্থন আগবঢ়ায়। সাক্ষাৎকালত সৰ্বভাৰতীয় চুফি চজ্জাদানচিন পৰিষদৰ অধ্যক্ষ তথা আজমেৰ দৰগাহৰ আধ্যাত্মিক মুৰববী উত্তৰাধিকাৰী ছৈয়দ নছিৰুদ্দিন ছিষ্টি নেতৃত্বাধীন প্রতিনিধি দলটোৱে মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ৱাক্‌ফ সংশোধনী বিধেয়কৰ প্ৰস্তাৱসমূহ চালি জাৰি চোৱাৰ বাবে...

August 11, 2024 11:27 AM August 11, 2024 11:27 AM

views 11

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনত লোকসভাত প্রতিবেদন দাখিল কৰিব

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে, ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ পৰ্যালোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোৰ ভিতৰত লোকসভাত প্রতিবেদন দাখিল কৰিব। সামাজিক মাধ্যমযোগে শ্ৰীৰিজিজুৱে কয় যে, যুটীয়া সংসদীয় সমিতিয়ে এই বিষয়ত শুনানিৰ তাৰিখ প্ৰকাশ কৰিব। এই ক্ষেত্ৰত কেৱল মুছলমান লোকসকলেই নহয়, বৰঞ্চ ইতিবাচকভাৱে সমিতিৰ কাৰ্য প্ৰণালীত অংশগ্ৰহণ কৰিব বিচৰা যিকোনো সংগঠন আৰু ব্যক্তিক আদৰণি জনোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। বিধেয়কখন...

August 9, 2024 8:49 PM August 9, 2024 8:49 PM

views 17

বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত মন্ত্রী কিৰেণ বিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বাজেট অধিবেশন সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে কয় যে এইবেলিৰ অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত সুচাৰুৰূপে কাম-কাজ সম্পন্ন হয়। অধিবেশনৰ সময়ছোৱাত এদিনো কাম-কাজ সম্পূৰ্ণৰূপে বিঘ্নিত হোৱা নাই আৰু উভয় সদনৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অধিবেশনৰ সময়ছোৱাত সংসদে বাজেটৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰে আৰু কেইবাখনো বিধেয়ক গৃহী...

July 25, 2024 7:09 PM July 25, 2024 7:09 PM

views 11

দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কিৰেণ ৰিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে সংসদত বাজেট সন্দৰ্ভত ইতিবাচক আৰু অৰ্থৱহ আলোচনা হোৱাটো বিচাৰে। তেওঁ লগতে কয় যে, একাংশ দলৰ নেতাৰ ব্যক্তব্যই সদনৰ মৰ্যাদা হানি কৰিছে। তেওঁ বিৰোধী পক্ষক জনাদেশক সন্মান জনাবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি শ্ৰী ৰিজিজুৱে কয় যে, নির্বাচন সম্পন্ন হৈছে আৰু এতিয়া সকলোৱে বিকশিত ভাৰতৰ হকে ক...

July 14, 2024 8:44 PM July 14, 2024 8:44 PM

views 7

টি এফ চি কাৰ্গিলত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন তথা বিত্ত নিগমৰ হিতাধিকাৰীৰ সৈতে সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ মত বিনিময়

সংসদীয় পৰিক্ৰমা তথা সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ সময়ছোৱাত গ্ৰহণ কৰা উন্নয়নৰ প্ৰচেষ্টা তিনিগুণ পর্যন্ত ত্বৰান্বিত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি লাডাখৰ বাবে উন্নয়নমূলক পৰিকল্পনা গ্রহণ কৰিছে। টি এফ চি কাৰ্গিলত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন তথা বিত্ত নিগম এন এম ডি এফ চিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত শ্ৰী ৰিজিজুৱে অঞ্চলটোত সংখ্যালঘুসকলৰ আৰ্থসামাজিক অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত আলোক...

June 26, 2024 8:13 PM June 26, 2024 8:13 PM

views 13

অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰাৰ অভিযোগ খণ্ডন মন্ত্ৰী কিৰেণ ৰিজিজুৰ

লোকসভা অধ্যক্ষ নিৰ্বাচনৰ সময়ত অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰা বুলি উঠা অভিযোগ খণ্ডন কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । সংসদ ভৱনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰিজিজুৱে কয় যে চৰকাৰে ভোট বিভাজনৰ প্ৰস্তাৱ আনিব বিচাৰিছিল যদিও মৌখিক ভোটৰ সময়ত বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । ইপিনে, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে অস...

June 17, 2024 11:44 AM June 17, 2024 11:44 AM

views 12

ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সাক্ষাৎ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি নতুন দিল্লীত ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীৰিজিজুৱে কয় যে, এই সাক্ষাতৰ সময়ত শ্ৰী খাৰ্গেই নিজৰ জীৱনৰ বহুতো বহুমূলীয়া অভিজ্ঞতাৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰে। তেওঁ কয় যে, তেওঁলোক সকলোৱে মিলি ৰাষ্ট্ৰৰ উন্নতিৰ হকে কাম কৰিব। উল্লেখযোগ্য যে অহা ২৪ জুনৰ পৰা হ'বলগীয়া অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ পূৰ্বেই শ্রীখাৰ্গেৰ সৈতে মন্ত্ৰীগৰাকীৰ এই সাক্ষাৎ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এই অধি...